মৈৰাবাৰীত মানৱ সৰবৰাহ আৰু ডাইনী হত্যাৰ বিৰুদ্ধে সজাগতা সভা

মানৱ সৰবৰাহ আৰু ডাইনী হত্যাৰ দৰে অমানৱিক কৃষ্টিৰ বিৰুদ্ধে জনসচেতনতা গঢ়ি তোলাৰ উদ্দেশ্যে মঙলবাৰে মৈৰাবাৰীত এখনি গুৰুত্বপূর্ণ সজাগতা সভা অনুষ্ঠিত হৈ যায়

author-image
Asomiya Pratidin
New Update
13

ডিজিটেল সংবাদ, মৈৰাবাৰী : মানৱ সৰবৰাহ আৰু ডাইনী হত্যাৰ দৰে অমানৱিক কৃষ্টিৰ বিৰুদ্ধে জনসচেতনতা গঢ়ি তোলাৰ উদ্দেশ্যে মঙলবাৰে মৈৰাবাৰীত এখনি গুৰুত্বপূর্ণ সজাগতা সভা অনুষ্ঠিত হৈ যায়। শিশু উন্নয়ন প্ৰকল্প মৈৰাবাৰীৰ উদ্যোগত আৰু অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সৌজন্যত আয়োজিত উক্ত অনুষ্ঠানটো মৈৰাবাৰীৰ তাঁতিকটা গাঁও পঞ্চায়ত প্ৰেক্ষাগৃহত আয়োজন কৰা হয়।

Advertisment

সভাৰ আৰম্ভণিৰ পূৰ্বে স্থানীয় মহিলাসকলৰ এক ৰেলী উলিওৱা হয়। হাতে হাতে প্লে কাৰ্ড লৈ, “মানৱ সৰবৰাহ বন্ধ কৰা হওঁক”, “ডাইনী হত্যা অপৰাধ” আদি শ্লোগানেৰে অঞ্চলটোৰ বিভিন্ন পথ অতিক্ৰম কৰি সচেতনতাৰ বাতাবৰণ গঢ়ি তোলাৰ চেষ্টা কৰা হয়। সভাত বৃহত্তৰ অঞ্চলটোৰ অংগনবাদী কৰ্মী, অংগনবাদী সহায়িকা, আশা কৰ্মী আৰু বিশেষকৈ মহিলাসকলে ব্যাপক হাৰত অংশগ্ৰহণ কৰে।

প্ৰায় তিনি শতাধিক ৰাইজ উপস্থিত থাকে আজিৰ সজাগতা সভাত। উক্ত সভাখনত মূখ্য অতিথি হিচাপে উপস্থিত থাকে মৈৰাবাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া বিপুল চন্দ্ৰ বৰুৱা।

তেওঁ নিজৰ বক্তব্যত অসম তথা মৈৰাবাৰী অঞ্চলত দিনক দিনে বৃদ্ধি পাই থকা শিশু আৰু মহিলা সৰবৰাহ, ডাইনী সন্দেহত হোৱা হত্যাকাণ্ড আদি বিষয়ক লৈ গভীৰ চিন্তা প্ৰকাশ কৰে। সভাত  উপস্থিত থাকে জহিৰুল ইছলাম, আজহাৰ উদ্দীন, মিচিৰা বেগম, তাঁতীকটা গাঁৱৰ গাঁওপ্ৰধান আবুল কাছেম, আব্দুল ৰহিমৰ লগতে বহু গণ্যমান্য ব্যক্তি।

আলোচকসকলে নিজৰ অভিজ্ঞতা আৰু তথ্যৰ আধাৰত অঞ্চলটোৰ সামাজিক সমস্যাসমূহৰ লগতে শিশু সৰবৰাহ, ডাইনী হত্যা আদিৰ ওপৰত তথ্যভিত্তিক আলোচনা আগবঢ়ায়।

moirabari