/asomiyapratidin/media/media_files/2025/06/27/cscscscsc-2025-06-27-20-04-23.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰৰ পদ্ম সৰস্বতী বিদ্যা মন্দিৰত শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ল বাল্যবিবাহ, শিশু শ্ৰমিক, শিশু সৰবৰাহ আৰু ড্ৰাগছ বিৰোধী সজাগতা সভা। পদ্ম সৰস্বতী বিদ্যা মন্দিৰৰ উদ্যোগত আৰু গ্ৰাম্য সেচ্ছাসেৱক কেন্দ্ৰ (আৰ ভি চি) অকাজানৰ সহযোগত অনুষ্ঠিত হয় এই কাৰ্যসূচী।
কাৰ্যসূচীত কেইবাটাও চৰকাৰী আৰু বেচৰকাৰী সংস্থাৰ লগতে প্ৰশাসনৰ লোক উপস্থিত থাকি শিশু সৰবৰাহৰ লগতে ড্ৰাগছৰ দৰে ভয়াৱহ সামাজিক ব্যাধিৰ বিৰুদ্ধে সময় থাকোতেই পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাইজ আৰু ছাত্ৰ ছাত্ৰী সকলৰ প্ৰতি পৰামৰ্শ আগবঢ়ায়। সম্প্ৰতি ভয়ংকৰ ৰূপ ধাৰণ কৰা সামাজিক ব্যাধিৰ বিৰুদ্ধে সময়োচিত ব্যৱস্থা ন'ললে ইয়াৰ প্ৰতিফল ভূগিব লাগিব পৰৱৰ্তী প্ৰজন্মই বুলি মন্তব্য় কৰে আৰ,ভি চি'ৰ সঞ্চালক লুইত গোস্বামী। কাৰ্যসূচীত বিদ্যালয়ৰ সকলো শিক্ষক কৰ্মচাৰীৰ লগতে অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।