/asomiyapratidin/media/media_files/2025/01/23/9X7LQUtwwsXhgZaxTSkM.png)
কোকৰাঝাৰত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে সজাগতা অভিযান
ডিজিটেল সংবাদ, কোকৰাঝাৰ : ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে কোকৰাঝাৰত বৃহস্পতিবাৰে ডিস্কোভাৰী নডেল এনজিঅ'ৰ উদ্যোগত তথা জিলা পৰিবহন কাৰ্যালয় আৰু জিলা পথ সুৰক্ষা কমিটিৰ সহযোগত ব্যতিক্ৰমী সজাগতা অভিযান অনুষ্ঠিত কৰা হয় । এই উপলক্ষে কোকৰাঝাৰ সদৰ চহৰত হেলমেট নিপিন্ধা, চীটবেল্ট পৰিধান নকৰা চালক-যাত্ৰীসকলক জৰিমনাৰ সলনি সজাগতা কৰাৰ লক্ষ্যৰে গামোচা , গছপুলি , ফুলৰ থোপা দি তেওঁলোকে যে নিয়ম ভংগ কৰিছে সেয়া সোঁৱৰাই দিয়া হয় ।
তদুপৰি নিয়ম ভংগ কৰা চালকসকলক প্ৰদান কৰা গছপুলি ভালদৰে প্ৰতিপালন কৰিবলৈ উপদেশ দি সেয়া এমাহ পিছত পৰ্যবেক্ষন কৰিবলৈ যোৱা হ'ব বুলি সোঁৱাৰাই দিয়ে । কোকৰাঝাৰ সদৰ চহৰত আজি অনুষ্ঠিত হোৱা উক্ত ব্যতিক্ৰমী সজাগতা অভিযানত জিলা পৰিবহন বিষয়া ধজেন বসুমতাৰী , ডিস্কোভাৰী নডেল এনজিঅ'ৰ উপ -সভাপতি হৰিশ্বৰ ব্ৰহ্ম, ট্ৰেফিক বিভাগৰ বিষয়া -কনিষ্টবল উপস্থিত থাকে ।
/asomiyapratidin/media/media_files/2025/01/23/2uYj4T0MXtFoCFujcrVd.jpg)
ইপিনে উক্ত অনুষ্ঠানৰ পিছতে জিলা পৰিবহন বিষয়া ধজেন বসুমতাৰী আৰু ডিস্কোভাৰী নডেল এনজিঅ'ৰ উপ -সভাপতি হৰিশ্বৰ ব্ৰহ্মই কয় যে যান-বাহন দুৰ্ঘটনাত পতিত হৈ বহুলোকে অকাল মৃত্যুক সাৱটি লৈছে । কোনো চালকে যাতে মদ্যপান কৰি, চীলবেল্ট পৰিধান নকৰাকৈ গাড়ী নচলায় ।
/asomiyapratidin/media/media_files/2025/01/23/prA2UCAhJznmPKwqvg3k.jpg)
নিজৰ সুৰক্ষা আৰু পথচাৰীৰ সুৰক্ষাৰ কথা সদায়েই মনত ৰাখিব লাগিব বুলি মন্তব্য কৰি জিলা পৰিবহন বিষয়া ধজেন বসুমতাৰীয়ে ডিস্কোভাৰী নডেল এনজিঅ'ৰ উদ্যোগক প্ৰশংসা কৰে। আজি নিয়ম ভংগ কৰা চালকসকলক অতি মৰমেৰে বুজোৱা হৈছে আৰু তেওঁলোকে কৰা ভুলৰ চিনস্বৰূপে গছপুলি, ফুলৰ থোপা , গামোচা দিয়া হৈছে বুলি সদৰী কৰি চালকসকলক গাড়ী চলাওঁতে নিয়ম ভংগ নকৰিবলৈ আহ্বান জনায় ।