কাছাৰত ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন বঁটা বিতৰণ মন্ত্ৰী কৌশিক ৰায়ৰ

জিলা আয়ুক্ত মৃদুল যাদৱৰ পৌৰহিত্যত আয়োজিত এই অনুষ্ঠানত কাছাৰ জিলাৰ  ১৮১৪ গৰাকী মেধা ছাত্ৰীক স্কুটী, ১২২৯ গৰাকীক আনন্দ ৰাম বৰুৱা বঁটা হিচাপে  ১২,৫০০ টকাৰ চেক আৰ নৱম শ্ৰেণীত অধ্যয়নৰত ২০,০৬১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত‌ চাইকেল বিতৰণ‌ কৰা হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, শিলচৰ: ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে শুক্ৰবাৰে কাছাৰ জিলাতো ড' বানীকান্ত কাকতি মেধা বঁটা, আনন্দ‌ ৰাম বৰুৱা বঁটা আৰু চাইকেল‌ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।‌ ৰাজ্যৰ খাদ্য আৰু যোগান তথা বৰাক উন্নয় বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে এই বঁটা বিতৰণি অনুষ্ঠানৰ আনুষ্ঠানিক ভাবে উদ্বোধন কৰে।

Advertisment

জিলা আয়ুক্ত মৃদুল যাদৱৰ পৌৰহিত্যত আয়োজিত এই অনুষ্ঠানত কাছাৰ জিলাৰ  ১৮১৪ গৰাকী মেধা ছাত্ৰীক স্কুটী, ১২২৯ গৰাকীক আনন্দ ৰাম বৰুৱা বঁটা হিচাপে  ১২,৫০০ টকাৰ চেক আৰ নৱম শ্ৰেণীত অধ্যয়নৰত ২০,০৬১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত‌ চাইকেল বিতৰণ‌ কৰা হয়।

1

অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ মন্ত্ৰী কৌশিক ৰায়ে মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাই কয় যে ৰাজ্যৰ শিক্ষা খণ্ডৰ উন্নয়নৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ অংশ হিচাপে কাছাৰ জিলাত এই মেধা বঁটা বিতৰণ কৰা হয়। 

অনুষ্ঠানত শিলচৰ, উদাৰবন্দ আৰু ধলাইৰ বিধায়ক ক্ৰমে দিপায়ন চক্ৰৱৰ্তী, মিহিৰ কান্তি সোম আৰু নিহাৰ কান্তি দাস, আৰক্ষী অধীক্ষক নোমাল মাহাত্তা সহ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

আনন্দৰাম বৰুৱা বঁটা চাইকেল বিতৰণ