কাজলগাঁৱত বিভিন্ন বঁটা বিতৰণ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ....

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে চিৰাং জিলাৰ কৃতী শিক্ষার্থী সকলৰ মাজত আনন্দৰাম বৰুৱা,বাণীকান্ত কাকতি বঁটা প্রদান কৰে ৰাজ্যৰ কেবিনেট মন্ত্ৰী তথা চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,চিৰাংঃৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে চিৰাং জিলাৰ কৃতী শিক্ষার্থী সকলৰ মাজত আনন্দৰাম বৰুৱা,বাণীকান্ত কাকতি বঁটা প্রদান কৰে ৰাজ্যৰ কেবিনেট মন্ত্ৰী তথা চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ।

মঙলবাৰে এই বঁটা বিতৰণ অনুষ্ঠানত পাঁচ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰতীকি চেক বিতৰণ কৰে ৰাজ্যৰ কেবিনেট মন্ত্ৰী গৰাকীয়ে। অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত জিলা খনৰ ৫৯৩৮ গৰাকী ছাত্ৰ ছাত্ৰীক চাইকেল, প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰে ৫৮০ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক। লগতে আনন্দৰাম বৰুৱা বঁটাৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা তাতকৈ অধিক নম্বৰ লাভ কৰা ৩৭০ গৰাকী ছাত্ৰ-ছাত্ৰীক নগদ ধন বিতৰণ কৰা হয়।

0

অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যৰ কেবিনেট মন্ত্ৰী তথা চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ছোৱালী সকলক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই লৈ যোৱাৰ উদ্দেশ্য অসম চৰকাৰে এনে ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে। আজিৰ এই বঁটা বিতৰণ অনুষ্ঠানত চিদলীৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম,বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, বিটিচিৰ কাৰ্য্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী,ছাইখং বসুমতাৰী, জিলা আয়ুক্ত যতীন বৰা উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বঁটা বিতৰণ কৰে । অনুষ্ঠানৰ আঁত ধৰে বিদ্যালয় সমূহৰ পৰিদৰ্শক বিজয় কুমাৰ বৈষ্ণৱে ।

চিৰাং