শিলঘাট মৰাপাট কলৰ সঞ্চালক আৰু উপ- সভাপতিলৈ ৰাষ্ট্ৰীয় বঁটা...

পৰিচালন সঞ্চালক গুনমনি গগৈ আৰু উপ-সভাপতি পলাশ বৰা National Excellence Award, ২০২২ৰ বাবে নিৰ্বাচিত

author-image
Asomiya Pratidin
New Update
শিলঘাট মৰাপাট কলৰ সঞ্চালক আৰু উপ- সভাপতিলৈ  ৰাষ্ট্ৰীয় বঁটা...

Palash-Gunamoni

ডিজিটেল সংবাদ,কলিয়াবৰঃ অসম সমবায় মৰাপাট কলৰ পৰিচালন সঞ্চালক গুনমনি গগৈ আৰু উপ-সভাপতি পলাশ বৰা National Excellence Award, ২০২২ৰ বাবে নিৰ্বাচিত হৈছে। অহা ২৪ চেপ্তেম্বৰ শণিবাৰে কলিকতাৰ ৰবীন্দ্ৰ ভৱনত এই বঁটা আনুষ্ঠানিক ভাবে প্ৰদান কৰা হ'ব। কলিকতাৰ মহাবঙ্গ সাহিত্য পৰিষদ চেৰিটেবুল ট্ৰাস্টে আগবঢ়াইছে এই বঁটা।

Advertisment

ভাৰতৰ লগতে ভাৰতৰ বাহিৰত সামাজিক উন্নয়নত বিশেষভাৱে অৰিহনা আগবঢ়োৱা ব্যক্তিক স্বীকৃতি স্বৰূপে কলিকতাৰ মহাবঙ্গ সাহিত্য পৰিষদ চেৰিটেবুল ট্ৰাস্টে এই বঁটা প্ৰদান কৰি আহিছে।

সমবায় খণ্ডত প্ৰতিষ্ঠিত ভাৰতৰ একমাত্ৰ মৰাপাট কল, কলিয়াবৰৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলটো মৃত্যুমুখৰ পৰা বচাই লাভজনক পৰ্যায়লৈ আনি শ্ৰমিক কৰ্মচাৰীৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হোৱাৰ লগতে নিয়োগ সৃষ্টিত বিশেষভাৱে সফল হোৱাৰ স্বীকৃতি স্বৰূপে অসম সমবায় মৰাপাট কলৰ দুই ব্যক্তিলৈ ২০২২ বৰ্ষৰ এই বঁটা আগবঢ়োৱা হ'ব বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে।

মৰাপাট কলৰ গুনমনি গগৈ আৰু পলাশ বৰাই অহা ২৪ চেপ্তেম্বৰ তাৰিখে কলিকতাৰ ৰবীন্দ্ৰ ভৱনত বঁটা গ্ৰহণ কৰিবৰ বাবে আমন্ত্ৰণ লাভ কৰাত মৰাপাট কলৰ বিষয়া-কৰ্মাচাৰীৰ লগতে শ্ৰমিক সকল উৎফুল্লিত হৈ পৰিছে।

উল্লেখযোগ্য যে মৰাপাট কলটোৰ উপ-সভাপতি পলাশ বৰাই তেখেতৰ কাৰ্যকালৰ সময়ত কলটোৰ উন্নয়নৰ স্বাৰ্থত উপ-সভাপতি হিচাবে মৰাপাট কলৰ পৰা লাভ কৰিব লগা ভাট্টাকে ধৰি অন্যান্য সকলো ধৰণৰ সা-সুবিধা গ্ৰহণ নকৰি কলটোৰ উন্নয়নলৈ সহাৰি জনাই আহিছিল।

assam govt