গহপুৰৰ জ্যেষ্ঠ সাংবাদিক ভুৱন শইকীয়ালৈ আৰোহণ মিডিয়া বঁটা-২০২৫...

জীৱনৰ সুদীৰ্ঘ দিন নিষ্ঠা, সততা আৰু দায়বদ্ধতাৰে সংবাদ সেৱাৰ উপৰিও সমাজৰ হকে সেৱা আগবঢ়াই অহাৰ উপৰিও আৰ্তজনৰ প্ৰতি সহায়-সহানুভূতিৰ হাত আগবঢ়াই অহা গহপুৰৰ জ্যেষ্ঠ সাংবাদিক ...

author-image
Asomiya Pratidin
New Update
গহপুৰৰ জ্যেষ্ঠ সাংবাদিক ভুৱন শইকীয়ালৈ বঁটা

ডিজিটেল সংবাদ, ছয়দুৱাৰ : জীৱনৰ সুদীৰ্ঘ দিন নিষ্ঠা, সততা আৰু দায়বদ্ধতাৰে সংবাদ সেৱাৰ উপৰিও সমাজৰ হকে সেৱা আগবঢ়াই অহাৰ উপৰিও আৰ্তজনৰ প্ৰতি সহায়-সহানুভূতিৰ হাত আগবঢ়াই অহা গহপুৰৰ জ্যেষ্ঠ সাংবাদিক তথা লাইভ চেভেন চিষ্টাৰৰ্ছৰ মুখ্য সম্পাদক ভুৱন শইকীয়ালৈ আগবঢ়োৱা হৈছে "আৰোহণ মিডিয়া বঁটা-২০২৫। দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হোৱা এক গাম্ভীয্যপূৰ্ণ অনুষ্ঠানত আৰোহণ আৰ্টিষ্ট গীল্ডে এই বঁটা প্ৰদান কৰে সাংবাদিক ভুৱন শইকীয়াক।

Advertisment

এই বঁটাত আৰোহণ আৰ্টিষ্ট গীল্ডৰ সভাপতি দিলীপ নাথ আৰু সম্পাদক ধীৰাজ পাঠকৰ স্বাক্ষৰ সম্বলিত এখন সম্বৰ্ধনা পত্ৰ, এটা স্মাৰকৰ লগতে এখন চেলেং, এটা জাপি আৰু এখন গামোচা আছে। অসমৰ সংবাদ ক্ষেত্ৰখনলৈ আগবঢ়োৱা কৰ্মৰাজিৰ সেৱাৰ স্বীকৃতি স্বৰূপে ভুৱন শইকীয়াক প্ৰদান কৰা হয় এই বঁটা। 

গহপুৰৰ জ্যেষ্ঠ সাংবাদিক ভুৱন শইকীয়ালৈ বঁটা

উল্লেখযোগ্য যে-২০০০ চনত আজি কাকতৰ জৰিয়তে সাংবাদিক জীৱন আৰম্ভ কৰা ভুৱন শইকীয়াই ২০০৩ চনত অসমীয়া জনমত আৰু ২০০৪ চনত নতুন দিন কাকতৰ উত্তৰ অসমৰ ব্যুৰ চীফ‌ হিচাপে সংবাদ সেৱা আগবঢ়াইছিল। একেদৰে-২০০৫ চনত অসমীয়া প্ৰতিদিনৰ অবিভক্ত শোণিতপুৰ জিলাৰ ভ্ৰাম্যমান সাংবাদিক হিচাপে সংবাদ সেৱা আগবঢ়োৱা ভুৱন শইকীয়াই ২০০৬ চনত অসমীয়া খবৰ আৰু তাৰ পিছত আজি কাকতৰ বিশ্বনাথ সংস্কৰণৰ ষ্টাফ ৰিপৰ্টাৰ আৰু পৰবৰ্তী সময়ত ক্ৰমে দ্যা চেণ্টিনেল, আজিৰ অসম, নতুন সময়, শংকৰজ্যোতি, ৰিপৰ্টাৰ, আছাম টকছ, প্ৰাগজ্যোতিষ আদি কাকত, চেনেলৰ গুৰুত্বপূৰ্ণ পদৱীত কাৰ্য্যনিৰ্বাহ উপৰিও ২০১৯ চনৰ পৰা ডিজিটেল মিডিয়া লাইভ চেভেন চিষ্টাৰৰ্ছৰ মুখ্য সম্পাদক হিচাপে কৰ্মৰত হৈ আছে।

২০২২ চনত সামাজিক সেৱাৰ স্বীকৃতি হিচাপে ডি এ নিউজে "পাৰছনেলেটি অফ দ্যা ইয়েৰ" সন্মান প্ৰদান কৰিছিল তেওঁক। ২০২০ চনত দিছপুৰ প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱসত সম্বৰ্ধনা, ২০২২ চনত অৰুণাচলৰ নাহৰলগুনৰ কৃষ্টি কেন্দ্ৰ ৰঙালী বিহু সন্মিলনত সাংবাদিকতাৰ সমান্তৰালভাৱে অসম অৰুণাচলৰ মাজত সমন্বয়ৰ বাতাবৰণ দৃঢ় কৰাৰ বাবে একনিষ্ঠভাৱে কৰি অহা কামৰ বাবে সম্বৰ্ধনা জনোৱাৰ উপৰিও ২০২২ চনত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত গহপুৰ মহকুমা প্ৰশাসনে ২০২২ চনৰ শ্ৰেষ্ঠ ইতিবাচক বাতৰিৰ সন্মান প্ৰদান কৰিছিল ভুৱন শইকীয়াক।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৱেলফেয়াৰ ট্ৰাষ্ট, গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ চ'ছাইটিৰ কৃতি সাংবাদিকতা বঁটা, সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থাৰ বিশ্বনাথ জিলা সমিতি, পুৱেৰুণ যুৱক সংঘ ও পুথিভঁৰাল, পূৰ্বজ্যোতি নিগম উদয়ণ যুৱ সমাজ, নিৰপেক্ষ গহপুৰ, আগছু বিশ্বনাথ জিলা সমিতি আদি সংগঠনৰ দ্বাৰা সম্বৰ্ধিত ভুৱন শইকীয়া ২০০৫ চনৰ পৰা ২০১২ চনলৈকে অবিভক্ত শোণিতপুৰ জিলা সাংবাদিক সন্থা(আজু)ৰ সাধাৰণ সম্পাদক আৰু ২০২২ চনৰ পৰা বৰ্তমানলৈকে সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ সহকাৰী সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হৈ আছে।

১৯৯৭ চনৰ পৰা ২০০০ চনলৈকে পাঞ্চজন্য যুৱ সংঘৰ সাধাৰণ সম্পাদক,সদৌ গহপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উপ সভাপতি,জাতি জনগোষ্ঠীয় সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ সভাপতিৰ দায়িত্বত থকা ভুৱন শইকীয়াই শেহতীয়াভাৱে এই বঁটা লাভ কৰাত তেওঁক গহপুৰৰ বিভিন্ন দল সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান আছে ব্যক্তিয়ে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে‌।

gohpur