/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/5226d257-8ded-4f5a-9988-abee77b7957c/api.jpg)
ইচেনটিক পাৰফৰ্মাৰ এৱাৰ্ড প্ৰদান নীলাঞ্জনা বেজবৰুৱাক
ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলাৰ বঢ়মপুৰ হালোৱাগাৱঁৰ নীলাঞ্জনা বেজবৰুৱাক "মেজিক বুক অফ ৰেকৰ্ডে" ইচেনটিক পাৰফৰ্মাৰ এৱাৰ্ড প্ৰদান কৰে। নগাঁৱৰ ডিমৰুগুৰিস্থিত ৰেডিয়েন্ট একাডেমীৰ দশম শ্ৰেণীৰ ছাত্ৰী নীলাঞ্জনা বেজবৰুৱাক নৃত্য,মডেলিং,অভিনয়,যোগ আৰু চিত্ৰাংকনত সুন্দৰ পাৰদৰ্শিতা প্ৰৰ্দশন কৰা বাবে এই সন্মান প্ৰদান কৰে ।
মেজিক বুক অফ ৰেকৰ্ডে এই সন্মানত এটা ট্ৰ'ফী,এখন চাৰ্টিফিকেট আৰু এটা সোণৰ মেডেল নীলাঞ্জনা বেজবৰুৱালৈ আগবঢ়ায়। উল্লেখ্য যে দীৰ্ঘদিন ধৰি যুৱতী গৰাকী নৃত্য, অভিনয়ৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছিল। এতিয়া নীলাঞ্জনাৰ এই সফলতাত পৰিয়ালৰবৰ্গৰ লগতে গাঁৱবাসীও উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে।
আৰু পঢ়কঃঅসমত বিশ্বকাপৰ দুখন গ্ৰুপ পৰ্যায়ৰ মেচ ! সকলোকে ধন্যবাদ জনালে তৰংগ গগৈয়ে...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us