/asomiyapratidin/media/media_files/2024/12/23/eht3LJ8VlRmM2N5rgwHu.jpg)
award
ডিজিটেল ডেস্ক : ৰাজ্যৰ অগ্ৰণী সংবাদ প্ৰতিষ্ঠান প্ৰতিদিন টাইমলৈ আগবঢ়োৱা হৈছে বৰ্ষ শ্ৰেষ্ঠ সংবাদ গোষ্ঠীৰ বঁটা। সংবাদক্ষেত্ৰলৈ আগবঢ়োৱা উল্লেখযোগ্য বৰঙণিৰ বাবে স্বেচ্চাসেৱী সংগঠন অংকুৰামে এই বঁটা প্ৰদান কৰে। সংবাদ গোষ্ঠীটোৰ হৈ এই বঁটা গ্ৰহণ কৰে ৱাহিদুৰ ৰহমানে। একেদৰে ছপা মাধ্যমৰ শিতানত অসমীয়া প্ৰতিদিনলৈ আগবঢ়োৱা হয় সন্মান।
উল্লেখযোগ্য যে সোমবাৰে মহানগৰীৰ খানাপাৰাৰ গ্ৰীণ উদ ৰিজ’ৰ্টত অনুষ্ঠিত হয় ‘অংকুৰাম এক্সেলেন্স এৱাৰ্ড ২০২৪’ শীৰ্ষক এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান। এই অনুষ্ঠানত ৰাজ্যৰ ভিন্ন ক্ষেত্ৰৰ কেইবাজনো বিশিষ্ট ব্যক্তিক সন্মান আৰু বঁটা প্ৰদান কৰা হয়।
/asomiyapratidin/media/media_files/2024/12/23/E9uMTdqs3iaM9CG15HXC.jpg)
পৰিৱেশ, সমাজ, সাহিত্য তথা সংস্কৃতিলৈ আগবঢ়োৱা অনস্বীকাৰ্য অৱদানৰ বাবে স্বেচ্চাসেৱী সংগঠনটোৱে এই অনুষ্ঠানৰ দ্বাৰা কেইবাগৰাকী ব্যক্তিক বঁটা প্ৰদান কৰে। এই অনুষ্ঠানত ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক, লেখিকা তথা সাদিনৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীলৈ আগবঢ়োৱা হয় এক্সিলেন্স জাৰ্ণেলিজমৰ বঁটা। বিশিষ্ট সংগীতশিল্পী পুলক বেনাৰ্জীলৈ আগবঢ়োৱা হয় জীৱনজোৰা সাধনা বঁটা।
একেদৰে ইমাৰ্জিং জাৰ্নেলিষ্ট বঁটা লাভ কৰে বশিষ্ঠ দেৱ ফুকনে। আনহাতে ছপা মাধ্যমৰ শিতানত দ্যা আসাম ট্ৰিবিউনলৈ আগবঢ়োৱা হয় বঁটা। ট্ৰি মেন বকুল গগৈক পৰিৱেশ সংৰক্ষণৰ দিশত আগবঢ়োৱা অৱদানৰ বাবে সন্মান জনোৱা হয়।
উক্ত অনুষ্ঠানত আন আন ভালেকেইটা শিতানত বঁটা আৰু সন্মান প্ৰদান কৰা হয়। উদ্যোমী শিতানত বঁটা লাভ কৰে জাহিৰুল ইছলামে। শিক্ষাক্ষেত্ৰত ইউ এছ টি এমৰ উপাচাৰ্য মহবুবুল হকক প্ৰদান কৰা হয় বঁটা।
একেদৰে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মালৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান আগবঢ়োৱা হয়। আনহাতে বিদুৰভাইলৈ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা আৰু সুব্ৰত কাকতিলৈ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান প্ৰদান কৰা হয়।