অৱধ অসম এক্সপ্রেছৰ সৈতে খুন্দা ট্র’লীৰ

বিহাৰৰ কাটিহাৰত সংঘটিত হৈছে এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। কাধাগোলা আৰু ছেমাপুৰৰ মাজত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। এই দুৰ্ঘটনাৰ ফলত থিতাতে মৃত্যু হয় এজন ট্ৰলীমেনৰ। গুৰুতৰভাৱে আহত হয় আন চাৰিজন ৰে’ল শ্ৰমিক। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
অসম অভিমুখী ৰে’লৰ ভয়ংকৰ দুৰ্ঘটনা

অসম অভিমুখী ৰে’লৰ ভয়ংকৰ দুৰ্ঘটনা

ডিজিটেল ডেস্কঃ বিহাৰৰ কাটিহাৰত সংঘটিত হৈছে এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। কাধাগোলা আৰু ছেমাপুৰৰ মাজত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। এই দুৰ্ঘটনাৰ ফলত থিতাতে মৃত্যু হয় এজন ট্ৰলীমেনৰ। গুৰুতৰভাৱে আহত হয় আন চাৰিজন ৰে’ল শ্ৰমিক। 

এডিআৰএম মনোজ কুমাৰ সিঙে সদৰি কৰা অনুসৰি, অসম অভিমুখী  ১৫৯১০ অৱধ-অসম এক্সপ্ৰেছ আৰু ট্ৰলীৰ মাজত সংঘৰ্ষ হোৱাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনাটো সংগঠিত হয়। এই দুৰ্ঘটনাৰ ফলত ট্ৰলীখন ভাঙি টুকুৰা-টুকুৰ হৈ পৰে। সমগ্ৰ ঘটনা সন্দৰ্ভত ৰে’ল বিভাগে তদন্তৰ নিৰ্দেশ দিছে।

বিহাৰ