/asomiyapratidin/media/media_files/2025/01/19/vMiSrLSgoDdSi8k35Gyp.jpg)
ডিজিটেল ডেস্কঃ অনাগত সময়ত ভাৰতৰ অট'ৰিক্সা খণ্ডৰ বিকাশত সহায়ৰ হাত আগবঢ়াব মেক ইন ইণ্ডিয়া পদক্ষেপে। ফলস্বৰূপে দ্ৰুত গতিত বৃদ্ধি পাব অট'ৰিক্সা। চৰকাৰৰ মেক ইন ইণ্ডিয়া পদক্ষেপে কোম্পানীসমূহক স্থানীয়ভাৱে অধিক বাহন উৎপাদন কৰাৰ লগতে ৰপ্তানি কৰাত সহায় কৰিব বুলি শনিবাৰে উদ্যোগৰ নেতাসকলে জানিব দিয়ে।
নতুন দিল্লীত চলি থকা ভাৰত ম’বিলিটি গ্ল’বেল এক্সপ’ ২০২৫ত সংবাদ সংস্থা আইএনএছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জে এছ ডব্লিউ এম জি মটৰ ইণ্ডিয়াৰ মুখ্য উন্নয়ন বিষয়া গৌৰৱ গুপ্তাই কয় যে, অটো খণ্ড সঠিক দিশত আগবাঢ়িছে যাৰ ফলত দেশৰ মুঠ ঘৰুৱা উৎপাদনত (জিডিপি)ত অটো খণ্ডই প্ৰায় ৫০ শতাংশ অৰিহণা যোগাইছে।
গুপ্তাই আৰু কয় যে, এই সময়ছোৱাত সমগ্ৰ বিশ্বলৈ অধিক বাহন ৰপ্তানি কৰাৰ সময়। চৰকাৰী নীতি উদ্যোগটোৰ বাবে ই অতি সহায়ক। জে এছ ডব্লিউ এম জি মটৰ ইণ্ডিয়া ই ভি নিৰ্মাণৰ ক্ষেত্ৰত দেশৰ অন্যতম আগশাৰীৰ কোম্পানী।
আমি ২০২০ চনৰ জানুৱাৰী মাহত আমাৰ প্ৰথম ইভি এমজি জেডএছ ইভি মুকলি কৰিছিলো। আমি আমাৰ সামগ্ৰীসমূহৰ ওপৰত লাইফটাইম বেটাৰী বাইবেক আগবঢ়াইছো। আমাৰ বিক্ৰীৰ ৭০ শতাংশ ইভিৰ পৰা হয়। আমি এই শিতানত আৰু অধিক সামগ্ৰী লৈ আহিছো বুলিও উল্লেখ কৰে গুপ্তাই।