ডিজিটেল ডেস্কঃ ভাৰতৰ খুচুৰা বজাৰত বাহন বিক্ৰীয়ে অভিলেখ সৃষ্টি কৰিছে। ২০২৪বৰ্ষত বাহন বিক্ৰীৰ পৰিমাণ ৯শতাংশ বৃদ্ধি পায়। ২৪ৰ বৰ্ষটোত ভাৰতত প্ৰায় ২৬.১মিলিয়ন ইউনিট বিক্ৰীৰে এক অভিলেখ সৃষ্টি কৰে বাহন বিক্ৰীয়ে।
উল্লেখ্য যে, কোৰোনা মহামাৰীৰ পূৰ্বে বাহন বিক্ৰীয়ে ২০১৮চনত অভিলেখ সৃষ্টি কৰিছিল। সেই সময়ত প্ৰায় ২৫. ৪মিলিয়ন ইউনিট বাহন বিক্ৰী হৈছিল দেশত। কোৰোনা মহামাৰীৰ পূৰ্বৰ সেই ৰেকৰ্ড শেহতীয়াকৈ ভংগ হল ২০২৪বৰ্ষত।
আনহাতে ২০২৫বৰ্ষটোত বাহন বিক্ৰী আৰু অধিক বৃদ্ধি পাব বুলি ভৱিষ্যদ্বাণী কৰা হৈছে। এই বৰ্ষটোত দুচকীয়া বাহনৰ বিক্ৰী ৬-৭শতাংশ আৰু টেক্টৰৰ বিক্ৰীও ৪-৫শতাংশ বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে।
VAHAN পৰ্টেল (পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়)ৰ তথ্য অনুসৰি ২০১৯ চনত মুঠ নতুন বাহনৰ পঞ্জীয়ন ২৪.১৬ মিলিয়ন, ২০২০ চনত ১৮.৬ মিলিয়ন, ২০২১ চনত ১৮.৯ মিলিয়ন, আৰু ২০২২ চনত ২ কোটি ১৫ লাখ।