/asomiyapratidin/media/media_files/2024/12/13/zm8zmB21ZhJ7IkuTsBX3.jpg)
ডিজিটেল ডেস্কঃ উৎসৱৰ বতৰত ভাৰতত দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ বিক্ৰী যথেষ্ট পৰিমাণে বৃদ্ধি হোৱাৰ খবৰ ইতিমধ্যে আমি প্ৰকাশ কৰিছো। শেহতীয়াকৈ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে, বাহন বিক্ৰী উৰ্ধমুখী এই যাত্ৰাত বাহনসমূহৰ সা-সজুলিঁ নিৰ্মাণ কৰা সৰু সৰু উদ্যোগবোৰ প্ৰসাৰো যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে।
প্ৰতিবেদন অনুসৰি, চলিত বিত্তীয় বৰ্ষৰ প্ৰথমাৰ্ধত ১১ শতাংশ বৃদ্ধি পাই ৩.৩২ লাখ কোটি টকা হৈছে এই বজাৰখন। যোৱা বিত্তীয় বৰ্ষৰ এপ্ৰিল-ছেপ্টেম্বৰ সময়ছোৱাত অটোমোটিভ কম্পোনেণ্ট উদ্যোগৰ ব্যৱসায় আছিল ২.৯৮ লাখ কোটি টকা।
উদ্যোগ সংস্থা এচিএমএৰ সভানেত্ৰী শ্ৰদ্ধা ছুৰি মাৰৱাহে এই সন্দৰ্ভত কয় যে, উৎসৱৰ বতৰত বাহন উদ্যোগৰ বেছিভাগ খণ্ডতে যথেষ্ট বিক্ৰী হৈছে। অৱশ্যে এই বিত্তীয় বৰ্ষৰ বিগত ৮মাহলৈ চালে দুচকীয়া বাহনে আশাব্যঞ্জক বৃদ্ধি দেখুৱাইছে যদিও যাত্ৰীবাহী বাহন আৰু বাণিজ্যিক বাহনৰ বিক্ৰী তুলনামূলকভাৱে মধ্যমীয়া হৈছে।
ৰপ্তানিৰ ক্ষেত্ৰত ভূতাত্ত্বিক প্ৰত্যাহ্বানৰ সৈতে ডেলিভাৰীৰ সময় আৰু মালবাহীৰ খৰচ আকৌ এবাৰ বৃদ্ধি পাইছে বুলি মাৰৱাহে সদৰি কৰে।