![1](https://img-cdn.thepublive.com/fit-in/1280x960/filters:format(webp)/asomiyapratidin/media/media_files/2024/12/05/k35xRPKWHvwTYvnGkgmH.jpg)
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ মাটিত গৃহ দল অষ্ট্ৰেলিয়াক পৰাস্ত কৰাৰ পিছত দ্বিতীয় চেষ্টৰ বাবে সম্পূৰ্ণ সাজু ভাৰতীয় দল । আত্মবিশ্বাসৰ সৈতে দ্বিতীয় টেষ্টত নামিব ভাৰতীয় দল । কিন্তু দ্বিতীয় টেষ্টত প্ৰতিশোধ লোৱাৰ মনোভাৱেৰে অংশগ্ৰহণ কৰিবলৈ অষ্ট্ৰেলিয়ান দলত ঘটালে কিছু পৰিৱৰ্তন ।
এইখিনিতে উল্লেখ কৰিব লাগিব যে, জেছপ্ৰীত বুমৰাহৰ নেতৃত্বত প্ৰথমখন টেষ্টত ঐতিহাসিক বিজয় সাব্যস্ত কৰিছিল ভাৰতীয় দলে । ৬ ডিচেম্ভৰৰ পৰা অষ্ট্ৰেলিয়াৰ এডেলেয়দ অভেলত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন টেষ্ট অনুষ্ঠিত হ’ব ।
আঘাতৰ বাবে দ্বিতীয় টেষ্টত অষ্ট্ৰেলিয়াৰ মূল একাদশৰ পৰা বাদ পৰিব বলাৰ যোজ হেজেলবুড । এই সূবাদতে মূল একাদশত খেলাৰ সুযোগ লাভ কৰিব বেগী বলাৰ স্কট বলাণ্ডে ।এডেলেয়দ অভেলত ১৮ মাহৰ পিছত খেলিব বলাৰ স্কট বলাণ্ডে ।
অষ্ট্ৰেলিয়াৰ মূল একাদশৰ পৰিবৱৰ্তন নিশ্বিত যদিও এতিয়ালৈ নিশ্বিত হোৱা নাই ভাৰতীয় দলৰ মূল একাদশ পৰিৱৰ্তনৰ ।
অষ্ট্ৰেলিয়াৰ মূল একাদশ- উচমান থাওজা, নাথান মেকচুইনী, মামাচ লবুচেংকে, ষ্টিভ স্মিথ, ট্ৰেভিজ হেড, মিটছ মাৰ্চ, লেক্ছ কাৰে, পেট কামিনছ(অধিনায়ক),মিটচেল ষ্টাৰ্ক, নাথান লায়ন, স্কট বলাণ্ড ।