/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/e0035fa3-d794-4c1c-9fde-5e69da3e0625/AJANTA_BA.jpg)
AJANTA NEOG
ডিজিটেল সংবাদ, গোলাঘাটঃ বুধবাৰে কেইবাটাও চৰকাৰী কাৰ্যসূচীলৈ গোলাঘাট সমষ্টিত উপস্থিত হয় স্থানীয় বিধায়িকা তথা বিত্ত, মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগ। পুৱাই গোলাঘাট পৌৰসভাৰ কাৰ্যালয়ত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ ক্ষুদ্ৰ প্ৰক্ৰিয়াকৰণ উদ্যোগ আঁচনিৰ অধীনত মহিলা আত্মসহায়ক গোটৰ মাজত ৪০,০০০ টকাৰ অনুমোদন পত্ৰ বিতৰণ কৰে।
অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ অধীনত পদপথৰ ব্যৱসায়ীসকলক পৰিচয় পত্ৰ আৰু পৰিচয় ব'ৰ্ড প্ৰদান কৰে। অনুষ্ঠানত উপস্থিত থাকে গোলাঘাটৰ পৌৰপতি।
গোলাঘাটৰ চান্দমাৰীত নিৰ্মাণ হোৱা টাই সংস্কৃতি বিকাশ আৰু গৱেষণা কেন্দ্ৰ তথা সদৌ টাই আহোম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ মুখ্য কাৰ্যালয়টো উদ্বোধন কৰে বিত্তমন্ত্ৰী গৰাকীয়ে। অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে টাই আহোম ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ সভাপতি কৃষ্ণ বৰুৱা আৰু প্ৰতিস্থাপক সম্পাদক বেদান্ত বিকাশ গোহাঁই।
সমষ্টি ভ্ৰমণকালতে মন্ত্ৰীগৰাকীয়ে কছাৰীহাট বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়খন পৰিদৰ্শন কৰি শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে।
মন্ত্ৰীগৰাকীয়ে অসম দৰ্শন আঁচনিৰ অধীনত নিৰ্মাণ কৰি উলিওৱা পূৱ বনগাঁও ৰাজহুৱা বৰ নামঘৰৰ পকীবেৰ আৰু নাবাৰ্ডৰ অর্থ-সাহাৰ্যৰে নিৰ্মিত কছাৰীহাট বনগাঁওৰ সৌৰ শক্তি চালিত মধ্যম গভীৰ নলীনাদ জলসিঞ্চন আচঁনিখনৰো শুভ উদ্বোধন কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us