/asomiyapratidin/media/media_files/2024/12/15/Zijj31rPhljUZY3nXHL4.jpg)
ডিজিটেল ডেস্কঃ ছফটৱেৰ ইঞ্জিনিয়াৰ অতুল সুভাষৰ আত্মহত্যাই বিগত কেইদিনত সংবাদ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছিল । উল্লেখযোগ্য যে আত্মহত্যাৰ পূৰ্বে সুভাষে ভিডিঅ' প্ৰস্তুত কৰি তেওঁৰ মৃত্যুৰ বাবে পত্নীৰ লগতে পত্নীৰ পৰিয়ালক জগৰীয়া কৰিছিল ।
২০১৯ চনত বিবাহপাশত আৱদ্ধ হৈছিল অতুল আৰু নিকিতা । ২০২১ চনত নিকিতাই ব্যৱসায় আৰম্ভ কৰাৰ বাবে বহু পৰিমাণৰ ধন অতুলৰ পৰা বিচাৰিছিল। পৰৱৰ্তী সময়ত ২০২২ চনৰ এপ্ৰিল মাহত নিকিতাই অতুল সুভাষ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে যৌতুক, হাৰাশাস্তি আৰু আক্ৰমণৰ অভিযোগ উত্থাপন কৰি একাধিক গোচৰ ৰুজু কৰিছিল। তেওঁ দাবী কৰে যে সুভাষে নিকিতাক "জন্তুৰ দৰে" ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল আৰু নিয়মিতভাৱে তেওঁক প্ৰহাৰ কৰিছিল।
৯ ডিচেম্বৰ,২০২৪ ত এই সকলো অভিযোগ তথা আদালতৰ মোকৰ্দমাৰ পৰা পৰিত্ৰাণ বিচাৰি অতুলে আত্মহত্যা কৰিছিল । উল্লেখযোগ্য যে আত্মহত্যাৰ পূৰ্বে অতুলে ৯০ মিনিটৰ ভিডিঅ'ত তেওঁৰ ওপৰত পত্নী আৰু পত্নীৰ পৰিয়ালে কৰা শাৰীৰিক-মানসিক নিৰ্যাতনৰ কথা উল্লেখ কৰিছিল । লগতে ২৪ টা পৃষ্ঠাৰ টোকাত পুত্ৰৰ পৰা কেনেদৰে আঁতৰত ৰখা হৈছিল সকলো দিশ উল্লেখ কৰিছিল ।
নোটখনত তেওঁলোকৰ নাবালক পুত্ৰৰ হৈ নিকিতাই মাহেকীয়া ৰক্ষণাবেক্ষণৰ বাবে ২ লাখ টকাৰ দাবী কেনেদৰে কৰিছিল সেই বিষয়েও বৰ্ণনা কৰা হৈছে। সুভাষে অভিযোগ কৰে যে তেওঁৰ পত্নীয়ে প্ৰথমে ৰক্ষণাবেক্ষণৰ বাবে ১ কোটি টকা বিচাৰিছিল, পিছত সেই ধন ৩ কোটি টকালৈ বৃদ্ধি কৰিছিল।
বেংগালুৰু আৰক্ষীয়ে নিকিতা, মাক, ভাতৃ আৰু ককায়েকৰ বিৰুদ্ধে আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত ভাৰতীয় ন্যায় সংহিতা আইনৰ ১০৮ আৰু ৩(৫) ধাৰাত এফআইআৰ দাখিল কৰে ।সুভাষৰ ভাতৃ বিকাশ কুমাৰে উত্থাপন কৰিছিল অভিযোগ ।
১৩ ডিচেম্বৰত বেংগালুৰু আৰক্ষীয়ে নিকিতা সিংহানিয়া আৰু তেওঁৰ পৰিয়ালৰ সদস্যক তিনিদিনৰ ভিতৰত তদন্তকাৰী বিষয়াৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে ।
গ্ৰেপ্তাৰৰ আশংকাত নিকিতা আৰু তেওঁৰ পৰিয়ালৰ সদস্যই এলাহাবাদ উচ্চ ন্যায়ালয়ত পূৰ্বানুমানিক জামিন আবেদন দাখিল কৰে। অৱশ্যে হাৰিয়ানাৰ গুৰুগ্ৰামৰ পৰা বেংগালুৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নিকিতাক। তেওঁৰ মাতৃ নিশা আৰু ভাতৃ অনুৰাগক উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল । স্থানীয় আদালতত হাজিৰ কৰোৱাৰ অন্তত অভিযুক্তক বেংগালুৰুলৈ আনি ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
আনহাতে এই ঘটনাৰ পিছতে অতুল সুভাশৰ পিতৃয়ে অতুল-নিকিতাৰ ৪ বছৰীয়া পুত্ৰৰ সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকৰ হাতত অৰ্পন কৰিবলৈ আৰক্ষীক অমুৰোধ কৰিছে। লগতে প্ৰধানমন্ত্ৰী মোদী আৰু উঃ প্ৰদেশৰ মু্খ্যমন্ত্ৰীকো নাতিয়েকৰ সুৰক্ষাৰ ক্ষেত্ৰত দৃষ্টি ৰাখিবলৈ অনুৰোধ জনায় ।