/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/fe52a5f2-5cd8-45a6-bf99-482e686ad884/WhatsApp_Image_2022_09_19_at_02_11_22.jpeg)
atul bora
ডিজিটেল ডেস্কঃ অসম চুক্তি ৰূপায়ণৰ বাবে গঠন কৰি দিয়া অৱসৰপ্ৰাপ্ত ন্যায়াধীক্ষ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই। মন্ত্ৰী বৰাৰ মতে আয়োগৰ প্ৰতিবেদন অসম চুুক্তি বিভাগলৈ যাব লাগিব বুলি কোনো কথানাই।
উল্লেখ্য যে অসম চুক্তি ৰূপায়ণ সম্পৰ্কে ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ লগত অসম চৰকাৰৰ কেইবালানিও বৈঠক অনুষ্ঠিত হৈছে। আনুষ্ঠানিক অথবা অনানুষ্ঠানিক ভাৱে অনুষ্ঠিত হোৱা এই বৈঠক সম্পৰ্ক উল্লেখ কৰি অতুল বৰাই কয় যে, আছুৰ সৈতে পৃথকে পৃথকে আলোচনা অনুষ্ঠিত হৈছে। মন্ত্ৰী বৰাই তেওঁৰ দিনতে অসম চুক্তিয়ে সফলতা লাভ কৰিব বুলিও আশা প্ৰকাশ কৰিছে।
ইফালে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন বৰ্তমান ক'ত আছে সেই বিষয়ে মন্ত্ৰী গৰাকীও জ্ঞাত নহয়। এই প্ৰতিবেদনৰ প্ৰতিটো পৰামৰ্শ আখৰে আখৰে কাৰ্যকৰী কৰাৰ কথা উল্লেখ কৰাৰ পিছতো আজি পৰ্যন্ত এই প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ নকৰিলে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us