'ক'ত গ'ল মোৰ গাড়ী ?'- গৃহ জিলাতেই লটিঘটি কৃষিমন্ত্ৰীৰ...

author-image
Asomiya Pratidin
New Update
'ক'ত গ'ল মোৰ গাড়ী ?'- গৃহ জিলাতেই লটিঘটি কৃষিমন্ত্ৰীৰ...

atul bora

ডিজিটেল ডেস্কঃ গৃহ জিলাতে লটিঘটি হ'ল কৃষি মন্ত্ৰী অতুল বৰাৰ। ৩ দিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গুৱাহাটীত কাৰ্যসূচী সামৰি দেওবাৰে অমিত শ্বাহ গৈছিল দেৰগাঁৱলৈ।

Advertisment

দেৰগাঁৱত দেওবাৰে অনুষ্ঠিত হৈছিল অসম আৰক্ষী সন্মিলন কেন্দ্ৰৰ আনুষ্ঠানিক উদ্বোধনী সভা। সেই সভাত অসম আৰক্ষী সন্মিলন কেন্দ্ৰটো উদ্বোধন কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।

দেৰগাঁৱৰ অনুষ্ঠানৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক আগবঢ়াই দিবলৈ গৈছিল বিমানবন্দৰলৈ। উক্ত অনুষ্ঠানতে অংশ লৈছিল কৃষিমন্ত্ৰী অতুল বৰায়ো।

অনুষ্ঠানৰ অন্তত সকলো ঘৰাঘৰী হ'ল। কিন্তু আদবাটত থিয় হৈ থাকিল কৃষিমন্ত্ৰীগৰাকী। মন্ত্ৰীবৰাৰ উঠিল খং। ক'ত গ'ল তেওঁৰ গাড়ী প্ৰশ্ন কৰিলে নিৰাপত্তাৰক্ষীক।

এনেদৰে বহু সময় অস্বস্তিত কটালে কৃষিমন্ত্ৰীগৰাকীয়ে। কিছু সময়ৰ পিছত আহিল গাড়ী। তাৰ পাছত ততাতৈয়াকৈ সেই গাড়ীত উঠি অনুষ্ঠানস্থলী ত্যাগ কৰিলে কৃষমন্ত্ৰীগৰাকীয়ে।

ATUL BORA golaghat