দৰঙৰ ৬ খন নিৰ্বাচনী সভাত অংশগ্ৰহণ অগপ সভাপতি অতুল বৰাৰ...

কেইবাখনো সভাত অংশগ্ৰহণ কৰি অগপ বিজেপিৰ প্ৰাৰ্থী সকলক ভোটদান কৰা লগতে সংখ্যালঘু অধ্যুষিত অঞ্চলত প্ৰচাৰ চলাই অগপ বিজেপি প্ৰাৰ্থীক ভোটদান কৰিবলৈ আহ্বান অতুল বৰাৰ

author-image
Asomiya Pratidin
New Update
cvcbc

ডিজিটেল সংবাদ,মঙলদৈ:  "এইবেলি পঞ্চায়ত নিৰ্বাচনত ধূলিস্যাৎ হ'ব কংগ্ৰেছ। তাৰোপৰি ২০২৬ চনত শূন্যৰ পৰ মহাশূণ্য হ'ব কংগ্ৰেছ"- এই মন্তব্য অগপৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাৰ। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অংশ হিচাপে শনিবাৰে দৰং জিলাত নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰে অগপৰ সভাপতি অতুল বৰাই।  

Advertisment

দৰঙৰ বিভিন্ন প্ৰান্তত সভাপতি বৰাৰ নিৰ্বাচনী প্ৰচাৰ চলায়। সভাপতি গৰাকীয়ে দলগাঁও বিধানসভা, মঙলদৈ বিধানসভা আৰু ছিপাঝাৰ বিধানসভা সমষ্টিৰ কেইবাখনো সভাত অংশগ্ৰহণ কৰি অগপ বিজেপিৰ প্ৰাৰ্থী সকলক ভোটদান কৰা লগতে সংখ্যালঘু অধ্যুষিত অঞ্চলত প্ৰচাৰ চলাই অগপ বিজেপি প্ৰাৰ্থীক ভোটদান কৰিবলৈ আহ্বান জনায়।

বিয়লি মঙলদৈ সমষ্টিৰ অন্তৰ্গত ওজাগাঁৱত ৭ নং মোৱামাৰী জিলা পৰিষদৰ অগপ প্ৰাৰ্থী মণি দাস আৰু ওজাগাও পঞ্চায়তৰ আঞ্চলিক সদস্য ৰহিমা বেগমৰ হৈ প্ৰচাৰ চলাই মন্ত্ৰী অতুল বৰাই কয় যে, কংগ্ৰেছ হৈছে সংখ্যা লঘু ৰাইজৰ শত্ৰু । কংগ্ৰেছে দেশ স্বাধীনতা হোৱাৰ পৰা আজিলৈকে বেছি সময় শাসন কৰিছিল। কিন্তু সংখ্যালঘু আৰু মুছলিম ৰাইজৰ কাৰনে একো নকৰিলে।

তেওঁ লগতে কয়, দেশ আৰু জাতিৰ কাৰণে অসম গণ পৰিষদে দীৰ্ঘদিন কাম কৰি আহিছে। শেহতীয়াভাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেশ তথা অসমৰ হৈ কাম কৰিছে বাবে আজি অসমৰ জনগণে শান্তিৰে জীৱন অতিবাহিত কৰিছে। লগতে অসম চুক্তিৰ দফা সমূহ এটা এটাকৈ কাৰ্য্য কৰিবলৈ আগবাঢ়িছে বুলিও কয় বুলিও মন্তব্য কৰে মন্ত্ৰী বৰাই। 

উল্লেখ্য যে, দৰং জিলা অগপৰ সভাপতি কমলেশ্বৰ বৰুৱাই আঁত ধৰা সভাখনত অংশগ্ৰহণ কৰি প্ৰাক্তন মন্ত্ৰী ড০ জয়নাথ শৰ্মা , প্ৰাক্তন বিধায়ক মহেন্দ্ৰ মোহন ৰায় চৌধুৰী , বিজেপিৰ যুব নেতা জোন জ্যোতি কাশ্যপ, অসম মহিলা আয়োগৰ অধ্যক্ষ নিলিমা দেৱী, অগপৰ জিলা সভাপতি কমলেশ্বৰ বৰুৱা আদিয়ে বক্তব্য আগবঢ়ায়।

অতুল বৰা