কাশ্মীৰী পণ্ডিতৰ ওপৰত গুলীচালনা…

কাশ্মীৰী পণ্ডিতৰ ওপৰত গুলীচালনা…

author-image
asomiyapratidin
New Update
কাশ্মীৰী পণ্ডিতৰ ওপৰত গুলীচালনা…

ডিজিটেল ডেস্ক: পুনৰ উত্তপ্ত পৰিস্থিতি জম্মু-কাশ্মীৰত। সোমবাৰে জম্মু-কাশ্মীৰৰ ছোপিয়া জিলাত সন্ত্ৰাসবাদীয়ে কাশ্মীৰী পণ্ডিতক গুলীয়াই আহত কৰে।

Advertisment

জানিব পৰা মতে আহত হোৱা ব্যক্তি গৰাকী বাল কৃষ্ণ আৰু তেওঁ হাত-ভৰিত কিছু পৰিমাণে আঘাত পাইছে। এই ঘটনাৰ পাছতেই তেওঁক শ্ৰীনগৰৰ সৈন্য হস্পাতাললৈ প্ৰেৰণ কৰা হয়।

উল্লেখ্য যে, কাশ্মীৰী পণ্ডিত গৰাকীয়ে দোকানত থকাৰ সময়তে তেওঁৰ ওপৰত গুলীবৰ্ষণ হয়। ইয়াৰ পূৰ্বে শ্ৰীনগৰৰ এটা অঞ্চলত চিআৰপিএফৰ ওপৰত গুলীবৰ্ষণ কৰিছিল সন্ত্ৰাসবাদীয়ে,যত এজন জোৱান শ্বহীদো হয় আৰু অন্য এজন আহত হয়।

আৰু পঢ়ক: অসমৰ দুই যুৱকৰ শৰীৰত বিয়েৰ ঢালি দাৰে ঘপিয়াই হত্যাৰ চেষ্টা মেঘালয়ৰ দুৰ্বৃত্তৰ….

kashmiri pandit Jammu Kashmir