বৰমা আৰক্ষীৰ অভিযানত এ টি এম চোৰ গ্ৰেপ্তাৰ...

বৰমা আৰক্ষীয়ে গুৱাহাটীত অভিযান চলাই এটা দুধৰ্ষ চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ধৃত চোৰটোৰ নাম ৰমেশ আলী। জানিব পৰা মতে এ টি এম চুৰি চক্ৰৰে জড়িত ৰমেশ আলী। 

author-image
Tushar Pratim
New Update
বৰমা আৰক্ষীৰ অভিযানত এ টি এম চোৰ গ্ৰেপ্তাৰ...

ডিজিটেল ডেস্কঃ বৰমা আৰক্ষীয়ে গুৱাহাটীত অভিযান চলাই এটা দুধৰ্ষ চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ধৃত চোৰটোৰ নাম ৰমেশ আলী। জানিব পৰা মতে এ টি এম চুৰি চক্ৰৰে জড়িত ৰমেশ আলী। 

উল্লেখ্য যে, চোৰ ৰমেশে দীৰ্ঘদিন ধৰি বৰমা অঞ্চলত এ টি এমৰ পৰা ধন উলিয়াবলৈ অহা গ্ৰাহকৰ চকুত ধুলি দি তেওঁলোকৰ এ টি এম সলনি কৰি ধন লুট কৰি আহিছিল। এই চক্ৰটোৰ বিষয়ে অৱগত হোৱাৰ পিছতে বাক্সা আৰক্ষীয়ে এই চক্ৰটোৰ বিৰুদ্ধে সক্ৰিয় হৈ উঠে। 

তাৰ ফলস্বৰূপেই বাক্সাৰ বৰমা আৰক্ষী থানাৰ বিষয়া ত্ৰৈলোক্য দাসৰ নেতৃত্বত  গুৱাহাটীত অভিযান চলাই ৰমেশ আলীক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে ৰমেশৰ ঘৰ বৰপেটাৰ কয়াকুছিত। অৱশ্যে এতিয়াও মুকলি আকাশৰ তলতেই আছে এই চক্ৰটোৰ সৈতে জড়িত আন কেইবাটাও অপৰাধী।

আৰক্ষীয়ে ৰমেশক সোধপোছ কৰি এই সন্দৰ্ভত অধিক তথ্য আহৰণ কৰাৰ পিছতে এই চক্ৰটোৰে জড়িত অন্যান্যসকল আৰক্ষীৰ জালত পৰিব বুলি অনুমান কৰা হৈছে। 

এ টি এম চোৰ বাক্সা বৰমা