/asomiyapratidin/media/media_files/2025/04/29/x8cu0nb9KAtjDte0zmnJ.jpg)
ডিজিটেল ডেস্কঃ অহা ১ মে’ৰ পৰা এ টি এমৰ জৰিয়তে নগদ ধন উলিওৱাটো ব্যয়বহুল হৈ পৰিব। কিয়নো ৰিজাৰ্ভ বেংকে এ টি এমৰ চাৰ্জ বৃদ্ধিৰ বাবে অনুমোদন জনাইছে। অৰ্থাৎ ফ্ৰী লিমিট শেষ হোৱাৰ পিছত প্ৰতিবাৰেই টকা উলিয়ালে অতিৰিক্ত মাচুল পৰিশোধ কৰিব লাগিব।
উল্লেখ্য যে, বৰ্তমানৰ নিয়ম অনুসৰি বিনামূলীয়া লেনদেনৰ সীমা শেষ হোৱাৰ পিছত এ টি এমৰ পৰা নগদ ধন উলিওৱাৰ বাবে ২১ টকা মাচুল দিবলগীয়া হৈছিল। কিন্তু ২০২৫ চনৰ ১ মে’ৰ পৰা প্ৰতিটো অতিৰিক্ত লেনদেনৰ বাবে ২৩ টকা পৰ্যন্ত দিব লাগিব। অৰ্থাৎ বিনামূলীয়া সীমাৰ পিছত যদি আপুনি এ টি এমৰ পৰা ধন উলিয়ায় তেন্তে প্ৰতিবাৰেই বৰ্তমানতকৈ ২ টকা অতিৰিক্ত দিব লাগিব।
অৱশ্যে এ টি এমৰ বিনামূলীয়া সীমাৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন কৰা হোৱা নাই। অৰ্থাৎ গ্ৰাহকে এতিয়াও প্ৰতিমাহে তেওঁলোকৰ বেংকৰ এ টি এমৰ পৰা ৫ বাৰ বিনামূলীয়াকৈ লেনদেন কৰিব পাৰিব। ইয়াৰ উপৰিও মেট্ৰ’ চহৰত আন যিকোনো বেংকৰ এ টি এমৰ পৰা ৩টা বিনামূলীয়া লেনদেন আৰু মেট্ৰ’ চহৰৰ বাহিৰত ৫টা বিনামূলীয়া লেনদেন অব্যাহত থাকিব। যদি আপুনি নিৰ্ধাৰিত সীমাতকৈ অধিক ধন উলিয়ায় তেতিয়াহে নতুন চাৰ্জ প্ৰযোজ্য হ’ব।
বিশেষজ্ঞসকলৰ মতে এ টি এমৰ চাৰ্জ বৃদ্ধিৰ ফলত ক্ষুদ্ৰ বেংকৰ গ্ৰাহকৰ ওপৰত সৰ্বাধিক প্ৰভাৱ পৰিব। সৰু বেংকৰ এ টি এম কম আৰু ডাঙৰ বেংকৰ এ টি এমৰ ওপৰতে অধিক নিৰ্ভৰশীল। এনে পৰিস্থিতিত যদি বিনামূলীয়া লেনদেনৰ সীমা শেষ হৈ যায়, তেন্তে এই গ্ৰাহকসকলে প্ৰতিবাৰেই অধিক ধন দিব লাগিব।
এনে পৰিস্থিতিত অধিক চাৰ্জৰ পৰা হাত সাৰিবলৈ কিছুমান গ্ৰাহকে নিজৰ বেংক সলনি কৰাৰ কথাও বিবেচনা কৰিব পাৰে যাতে তেওঁলোকে বিনামূলীয়া লেনদেনৰ সুবিধা অধিক সঘনাই লাভ কৰিব পাৰে।
স্মৰ্তব্য যে, বেংক আৰু থাৰ্ড পাৰ্টি এ টি এম অপাৰেটৰে দীৰ্ঘদিন ধৰি চাৰ্জ বৃদ্ধিৰ দাবী জনাই আহিছিল। তেওঁলোকৰ মতে এ টি এম চলোৱাৰ খৰচ যথেষ্ট বৃদ্ধি পাইছে আৰু তেওঁ লোকচানৰ সন্মুখীন হৈছে। এই সন্দৰ্ভত ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট কৰ্পৰেশ্যনে আৰ বি আইক চাৰ্জ বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিছিল।