ম্যানমাৰৰ ভূঁইকঁপঃ নিহত ১৪৪, আহত ৭শতাধিক...

শুকুৰবাৰে বৰভূঁইকঁপে জোকাৰি যায় ম্যানমাৰৰ বিস্তৃত অঞ্চল। একেৰাহে অহা ৭.৭ আৰু ৬.৪ প্ৰাবল্যৰ বৰভূমিকম্পৰ ফলত থাইলেণ্ডৰ ৰাজধানী বেংককত প্ৰবল কম্পন অনুভৱ কৰা হয়।

author-image
Asomiya Pratidin
New Update
eta

ডিজিটেল ডেস্কঃ শুকুৰবাৰে বৰভূঁইকঁপে জোকাৰি যায় ম্যানমাৰৰ বিস্তৃত অঞ্চল। একেৰাহে অহা ৭.৭ আৰু ৬.৪ প্ৰাবল্যৰ বৰভূমিকম্পৰ ফলত থাইলেণ্ডৰ ৰাজধানী বেংককত প্ৰবল কম্পন অনুভৱ কৰা হয়। ম্যানমাৰৰ মাণ্ডেলেৰ আইকনিক আভা দলংখন ইৰাৱাডী নদীত ভাঙি পৰাৰ লগতে কেইবাটাও অট্টালিকা ছিন্নভিন্ন হৈ পৰে।

Advertisment

এই ভূমিকম্পত এতিয়ালৈকে ১৪৪গৰাকীকৈ লোক মৃত্যু হোৱা বুলি সদৰি কৰিছে প্ৰশাসনে। ইয়াৰ বিপৰীতে ৭৩০গৰাকী লোক আহত হোৱাৰ তথ্য সদৰি কৰিছে ম্যানমাৰ চৰকাৰী পক্ষই।  ম্যানমাৰ প্ৰশাসনৰ ফালৰ পৰা সদৰি কৰা হৈছে যে, মৃত্য হোৱা লোক আৰু আহত লোকৰ আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। উল্লেখ কৰা প্ৰয়োজন যে, ভূমিকম্পৰ প্ৰভাৱ ইমানেই প্ৰৱল আছিল যে প্ৰায় ৯০০ কিলোমিটাৰ দূৰৈৰ বেংককক কঁপাই জোকাৰি গৈছিল।

থাইলেণ্ডৰ ৰাজধানীখনৰ কেইবাটাও উচ্চ অট্টালিকা সমতল কৰি পেলাইছিল বুলি ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে। লগতে ভাইৰেল হৈছে আন কেইবাটাও ভিডিঅ যত অট্টালিকাৰ চুইমিং পুলৰ পৰা  পানী ওলাই দেখা গৈছে। একেৰাহে অহা দুটা বৰ ভুমিকম্পৰ বাবে আতংকিত হৈ পৰিছে দেশখনৰ নাগৰিকসকল।

 

ভূমিকম্প