/asomiyapratidin/media/media_files/2025/03/22/NIxNmH0qODxZkbxhOw0h.jpg)
ডিজিটেল সংবাদ,শিলচৰ: এগৰাকী ছাত্ৰীক শাৰিৰীকভাৱে অপদস্ত কৰাৰ অভিযোগত অৱশেষত গ্ৰেপ্তাৰ হ'ল শিলচৰ এন আই টি ৰ ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগৰ সহকাৰী অধ্যাপক ড' ডি কোটেশ্বৰ ৰাজু ধেনেকোন্দা। শুকুৰবাৰে নিশা শিলচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত অধ্যাপক জনক।
উল্লেখযোগ্য শিলচৰ এন আই টি ৰ ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগৰ বিটেক প্ৰথম বৰ্ষৰ এগৰাকী ছাত্ৰীক শাৰিৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল অধ্যাপক ডি কে ৰাজুৰ বিৰুদ্ধে। এই গুৰুতৰ অভিযোগ উত্থাপন কৰি বৃহস্পতিবাৰে নিশা এন আই টি ৰ ছাত্ৰ ছাত্ৰী সকলে উত্তাল কৰিছিল এন আই টি চৌহদ।
আনকি অধ্যাপক গৰাকীৰ বিৰুদ্ধে শিলচৰ সদৰ থানাত এটি গোচৰো ৰুজু কৰা হৈছিল। ছাত্ৰ-ছাত্ৰী সকলৰ আন্দোলনত নতশিৰ হৈ এন আই টি কৰ্তৃপক্ষই সিদিনা পুৱতি নিশা তিনি বজাত চাকৰিৰ পৰা সাময়িক ভাৱে বৰ্খাস্ত কৰিছিল অভিযুক্ত অধ্যাপক জনক। পাছত শুকুৰবাৰে নিশা তেওঁক গ্ৰেপ্তাৰ কৰে শিলচৰ আৰক্ষীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us