/asomiyapratidin/media/media_files/2025/06/20/1-atishi-2025-06-20-16-48-24.jpg)
ডিজিটেল ডেস্কঃ শুকুৰবাৰে কেন্দ্ৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে আম আদমি পাৰ্টিৰ নেত্ৰী আতিশী মাৰ্লেনা। কেন্দ্ৰ আৰু দিল্লীত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰক আক্ৰমণ কৰি নিজ দলৰ নেতাসকলৰ বিৰুদ্ধে ২০০ৰো অধিক ভুৱা গোচৰ ৰুজু কৰা লগতে এক দশক ধৰি তেওঁৰ বিৰুদ্ধে ৰাজনৈতিক প্ৰতিশোধ চলি থকা বুলি অভিযোগ উত্থাপন কৰে মাৰ্লেনাই।
দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনিষ ছিছ'দিয়াক চৰকাৰী বিদ্যালয়ত শ্ৰেণীকোঠা নিৰ্মাণৰ সৈতে জড়িত দুৰ্নীতিৰ অভিযোগৰ গোচৰত শুকুৰবাৰে দুৰ্নীতি নিবাৰক শাখাৰ সন্মুখত জেৰাৰ বাবে হাজিৰ হোৱাৰ সময়তে এই মন্তব্য কৰে আতিশীয়ে।
তেওঁ কয় যে, বিগত ১০ বছৰত বিজেপিৰ ইডি, চিবিআই, আইটি (আয়কৰ) আৰু দিল্লী আৰক্ষীয়ে আপ নেতাৰ বিৰুদ্ধে ২০০ৰো অধিক ভুৱা গোচৰ ৰুজু কৰিছে যদিও আজিলৈকে এটকাও উদ্ধাৰ হোৱা নাই। আপ নেতা অৰবিন্দ কেজৰিৱালৰ জামিন সন্দৰ্ভত শুনানিৰ সময়ত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহক ‘পিঞ্জৰাবদ্ধ কপৌ’ বুলি উচ্চতম ন্যায়ালয়ে দিয়া মন্তব্যক ৰাজনৈতিক অপব্যৱহাৰৰ প্ৰমাণ হিচাপে উল্লেখ কৰে।
আতিশীয়ে লগতে কয়,শ্ৰেণীকোঠা নিৰ্মাণৰ গোচৰ সন্দৰ্ভত ৬ জুনত সংস্থাটোৰ সন্মুখত হাজিৰ হৈছিল আপ নেতা সত্যেন্দ্ৰ জৈন। আতিশীয়ে বিজেপিয়ে শাসনৰ মঞ্চত নিজৰ ব্যৰ্থতা লুকুৱাবলৈ ডাইভাৰচনৰ কৌশল গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰে।
তেওঁ লগতে কয়, সমগ্ৰ দিল্লীত দীৰ্ঘদিন ধৰি বিদ্যুৎ কৰ্তন হোৱা বুলি অভিযোগ উত্থাপন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। ঘৰ-দুৱাৰত পানীৰ নাটনি হোৱাৰ লগতে বাট-পথ প্লাৱিত। কিন্তু এইবোৰ সমস্যা সমাধানৰ পৰিৱৰ্তে বিজেপিয়ে জনসাধাৰণক বিপথে পৰিচালিত কৰিবলৈ ভুৱা গোচৰ চলোৱাত ব্যস্ত। চৰকাৰে শিক্ষা মাফিয়াৰ সৈতে গোপন বুজাবুজি কৰি বিদ্যালয় বন্ধ কৰি ব্যক্তিগত শিক্ষানুষ্ঠানৰ প্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰে আতিশী মাৰ্লেনাই।