/asomiyapratidin/media/media_files/2025/01/30/gDNnMOtniRc6V1oqdpur.png)
ডিজিটেল ডেস্কঃ দিল্লী বিধানসভা নিৰ্বাচনলৈ মাথো ৬ দিন বাকী। চতুৰ্থবাৰৰ বাবে চৰকাৰ দখল কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে আম আদমী পাৰ্টিয়ে। দ্বিতীয় বাৰৰ বাবে কালকাজী আসনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে আতিশী মাৰ্লেনা। তেওঁৰ প্ৰতিদ্বন্দ্বিতা বিজেপি নেতা ৰমেশ বিধুৰীৰ বিৰুদ্ধে। উল্লেখ্য যে, এইবেলি মুখ্যমন্ত্ৰী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে মাৰ্লেনাই।ইফালে এই আসনৰ পৰাই নিজৰ ভাগ্য পৰীক্ষা কৰিছে কংগ্ৰেছৰ অলকা লাম্বাইও।
এক আছুতীয়া সাক্ষাৎকাৰত আতিশীয়ে পুনৰ আপ চৰকাৰ গঠনৰ আশা প্ৰকাশ কৰি কয় যে, "কালকাজীত মোৰ চৌপাশৰ মানুহৰ মৰম চাওঁক। এই মৰম কিয়? এই মৰমৰ কাৰণ হ'ল মানুহে দেখিছে যে অৰবিন্দ কেজৰিৱালক ভোট দিয়াৰ পৰাই সেই চৰকাৰখনে কাম কৰি আহিছে। বিনামূলীয়া বিদ্যুৎ হওঁক, পানী হওঁক। প্ৰতিটো ঘৰলৈ, শিক্ষা বা স্বাস্থ্যৰ প্ৰতি আপ চৰকাৰে প্ৰতিটো ক্ষেত্ৰতে কাম কৰিছে।"
ইয়াৰোপৰি আপ চৰকাৰক ‘দুৰ্যোগ’ৰ টেগ দিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। এই সন্দৰ্ভত আতিশীয়ে কয় যে, "দেশৰ আপ একমাত্ৰ চৰকাৰ যিয়ে ২৪ ঘন্টা বিনামূলীয়া বিদ্যুৎ প্ৰদান কৰে। ই একমাত্ৰ চৰকাৰ যিয়ে ভাল চৰকাৰী বিদ্যালয় প্ৰদান কৰিছে।"
যদি বিজেপি চৰকাৰে উন্নয়ন কৰিছে তেন্তে দিল্লীৰ চৰকাৰী চিকিৎসালয়ত হাৰিয়ানা, ইউ পি-এম পিৰ পৰা ৰোগীয়ে চিকিৎসাৰ বাবে কিয় ভিৰ কৰে বুলি প্ৰধানমন্ত্ৰীক উভতাই ধৰে আতিশীয়ে।