/asomiyapratidin/media/media_files/2025/12/01/new-ap-web-6-3-2025-12-01-17-18-00.jpg)
ডিজিটেল সংবাদ, ঢেকীয়াজুলি : শিঙৰীৰ শ্ৰীশ্ৰী গুপ্তেশ্বৰ দেৱালয়ত যোৱা ২৩ নৱেম্বৰৰ পৰা আঠদিনীয়া কাৰ্যসূচীৰে আয়োজিত অতি ৰুদ্ৰ মহাযজ্ঞ অনুষ্ঠানৰ ৰবিবাৰে সফল সামৰণি পৰে ৷ অতিৰুদ্ৰ মহাযজ্ঞ উপলক্ষে গুপ্তেশ্বৰ দেৱালয়ত হেজাৰ হেজাৰ লোকৰ সমাৱেশ ঘটিছে ৷
ইপিনে অতি ৰুদ্ৰ মহাযজ্ঞৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, পত্নী ৰিণিকি ভূঞা শৰ্মা, মন্ত্ৰী অশোক সিংহল, প্ৰাক্তন পৌৰপতি জন শইকীয়া, ৰাতুল কুমাৰ নাথৰ উপৰিও বহু সংখ্যক লোকে অংশগ্ৰহণ কৰে ৷ ৰাজ্যৰ মংগল কামনাৰে মুখ্যমন্ত্ৰী শৰ্মাই হোমযজ্ঞত ভাগ লয় আৰু পূৰ্ণ আহুতি দিয়ে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/01/whatsapp-2025-12-01-17-14-16.jpeg)
হোমযজ্ঞত অংশগ্ৰহণৰ পিছত সপত্নীক শৰ্মাই পুৰোহিতৰ আশীৰ্বাদ গ্ৰহণ কৰে ৷ অতি ৰুদ্ৰ মহাযজ্ঞৰ সামৰণি অনুষ্ঠানত ২০০ জন পুৰোহিতে অংশ গ্ৰহণ কৰে ৷
এই অনুষ্ঠানত অংশগ্ৰহণৰ পিছত মুখ্যমন্ত্ৰী ড০ শৰ্মাই স্থানীয় সাংবাদিকৰ সৈতে মতবিনিময় কৰে ৷ ড০ শৰ্মাই কয়, অতিৰুদ্ৰ মহাযজ্ঞত উপস্থিত থাকিব পৰাটো আমাৰ কাৰণে সৌভাগ্যৰ বিষয় ৷ ইয়াত অংশ কৰি আধ্যাত্মিক প্ৰশান্তি লাভ কৰিলোঁ ৷ এই অনু্ষ্ঠানে সমগ্ৰ অঞ্চলটোত আধ্যাত্মিক পৰিৱেশৰ সূচনা কৰিলে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/01/whatsapp-image-2025-12-01-17-14-29.jpeg)
ইপিনে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়া আৰু মন্ত্ৰী গোটৰ প্ৰতিবেদন সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয়, সকলোতে ভাল বেয়া থাকে ৷ ইয়াত কোনোবাই সমৰ্থন কৰিব আৰু আন কোনোবাই বিৰোধিতা কৰিব ৷ এয়াই হৈছে গণতন্ত্ৰ ৷
মন্ত্ৰীগোটৰ প্ৰতিবেদনে সকলো জনগোষ্ঠীক সন্তুষ্ট কৰিব পাৰিছে বুলি ড০ শৰ্মাই মতপ্ৰকাশ কৰে ৷ আবেলি ৩ বজাত মুখ্যমন্ত্ৰী শৰ্মা বিশেষ হেলিকপ্টাৰযোগে গুৱাহাটীলৈ উভতি যায় ৷ এই অনু্ষ্ঠানত অংশগ্ৰহণ কৰা ভক্তপ্ৰাণ ৰাইজৰ মাজত প্ৰসাদ বিতৰণ কৰা হয় ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/01/whatsapp-imag-2025-12-01-17-14-46.jpeg)
উল্লেখ্য যে, এই অতিৰুদ্ৰ মহাযজ্ঞৰ আয়োজক কোন আছিল সেয়া ঘোষণা কৰা হোৱা নাই যদিও ৰুদ্ৰ যজ্ঞত পূৰ্ণাহুতি আদিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী শৰ্মা আৰু তেখেতৰ পত্নীয়ে মুখ্য ভূমিকা পালন কৰাত এই মহাযজ্ঞ মুখ্যমন্ত্ৰীৰ পৰিয়ালে আয়োজন কৰিছিল বুলি ধাৰণা কৰা হৈছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us