ইণ্ডো-নেপাল স্কেটিং চেম্পিয়নশ্বিপত দুটা সোণৰ পদক লাভ অর্থব অর্জুন হাজিৰকাৰ

নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত পঞ্চম ইণ্ডো-নেপাল ৰিয়েল ৰ'লাৰ স্কেটিং চেম্পিয়নশ্বিপত দুটাকৈ সোণৰ পদক লাভ কৰি অৰ্থব অৰ্জুন হাজৰিকাই অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

author-image
Asomiya Pratidin
New Update
ইণ্ডো-নেপাল স্কেটিং চেম্পিয়নশ্বিপত দুটা  সোণৰ পদক লাভ অর্থব অর্জুন হাজিৰকাৰ

ইণ্ডো-নেপাল স্কেটিং চেম্পিয়নশ্বিপত দুটা সোণৰ পদক লাভ অর্থব অর্জুন হাজিৰকাৰ

ডিজিটেল ডেস্কঃ নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত পঞ্চম ইণ্ডো-নেপাল ৰিয়েল ৰ'লাৰ স্কেটিং চেম্পিয়নশ্বিপত দুটাকৈ সোণৰ পদক লাভ কৰি অৰ্থব অৰ্জুন হাজৰিকাই অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। অর্থব অজুন হাজৰিকা হৈছে ৰাজ্যৰ সামাজিক ন্যায়, তথ্য আৰু জনসংযোগ তথা জলসম্পদ মন্ত্রী পীযূষ হাজৰিকা আৰু অভিনেত্রী আইমি বৰুৱাৰ সন্তান।

Advertisment

উল্লেখ্য যে, নেপালৰ কাঠমাণ্ডুৰ দশৰথ ৰংগাশালা ষ্টেডিয়ামত অনুষ্ঠিত পঞ্চম ইণ্ডো-নেপাল ৰিয়েল গ'ল্ড ৰ'লাৰ স্কেটিং চেম্পিয়নশ্বিপত ভাৰতবৰ্ষৰ ৪৮জন খেলুৱৈয়ে যোগদান কৰিছিল। মুঠ শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত ভাৰতৰ লগতে অসমৰ কেইবাজনো খেলুৱৈয়ে পদক জয় কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ ভিতৰত অৰ্থব অর্জুন হাজৰিকাই ৮ বছৰ অনুৰ্ধ শাখাত ২০০ মিটাৰ আৰু ৪০০ মিটাৰত সোণৰ পদক অৰ্জনেৰে কৃতিত্ব অর্জন কৰিছে। প্ৰশিক্ষক ৰামু বৰদলৈ তত্বাৱধানত প্ৰশিক্ষণৰত অৰ্থবই দুটাকৈ সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হোৱাত প্রশিক্ষণ কেন্দ্ৰৰ সকলো সদস্য উৎফুল্লিত হৈ পৰিছে।

পীযুষ হাজৰিকা অথৰ্ব অৰ্জুন হাজৰিকা