/asomiyapratidin/media/media_files/2025/07/07/pulibor-7-2025-07-07-18-43-27.jpg)
ডিজিটেল সংবাদ গোলাঘাটঃ সদৌ তাই আহোম ছাত্ৰ সন্থা চমুকৈ ‘আটাছু’ৰ পুলিবৰ আঞ্চলিক সমিতিৰ উদ্যোগত দেওবাৰে ২৮ নং পুলিবৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গণত পুলিবৰ অঞ্চলৰ ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ উত্তীৰ্ণ কৃৰ্তি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনায়।
সম্বৰ্ধনা অনুষ্ঠানটিত সভাপতিত্ব কৰে আটাছু গোলাঘাট জিলা সমিতিৰ যুটীয়া সম্পাদক মানচাও অংকুৰ কোঁৱৰে। নিৰ্দিষ্ট বক্তা হিচাপে অনুষ্ঠানটিৰ সৌস্তভ বৃদ্ধি কৰে আটাছু পুলিবৰ আঞ্চলিক সমিতিৰ মুখ্য উপদেষ্টা মানচাও বিশ্বজ্যিৎ গগৈয়ে।
বিশিষ্ট অতিথিৰ আসন শুৱনি কৰে আটাছু কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক মানচাও কৃষ্ণ বৰুৱা, আটাছু কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক মানচাও গৌতম লাহন, আটাছু গোলাঘাট জিলা সমিতিৰ সভাপতি মানচাও পংকজ গগৈ, সহকাৰী সম্পাদক পাৰ্থ প্ৰতীম কোঁৱৰ, উপ সভাপতি বিতুপন গগৈ, টাইপা গোলাঘাট জিলা সমিতিৰ সম্পাদক চাও পৰীক্ষিত ফুকন, আটাছু গোলাঘাট মহকুমা সমিতিৰ সভাপতি চাও অজয় ফুকন, সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দীয় সম্পাদক নিপন গগৈ আদিয়ে।
সদৌ শেষত আটাছু পুলিবৰ আঞ্চলিক সমিতিৰ এখনি জৰুৰী কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত পূৰ্বৰ উপসভাপতি চাও পাৰ্থ প্ৰতিম কোঁৱৰক নতুনকৈ আঞ্চলিক সমিতিৰ কাৰ্যকৰী সভাপতিৰ দ্বায়িত্ব অৰ্পন কৰা হয়। চাও লক্ষ্যজিত গোঁহাইক উপ সভাপতি, চাও লক্ষ্যজিৎ ফুকনক সহকাৰী সম্পাদক আৰু বাস্তৱ চেতিয়াক শিক্ষা সম্পাদকৰ দ্বায়িত্ব অৰ্পন কৰা হয়।