পৰাজয়ে দিছিল মানসিক শান্তি ! মাতৃ-পুত্ৰৰ বিদ্ৰোহৰ প্ৰাচীৰ হৈ থিয় দিছিল অটল বিহাৰী বাজপেয়ী…

পৰাজয়ে দিছিল মানসিক শান্তি ! মাতৃ-পুত্ৰৰ বিদ্ৰোহৰ প্ৰাচীৰ হৈ থিয় দিছিল অটল বিহাৰী বাজপেয়ী…

ডিজিটেল ডেস্কঃ ৰণত সকলোৱে জয়ী হ'ব বিচাৰে, পৰাজয় কাৰো কাম্য নহয়। কিন্তু কেতিয়াবা পৰাজয়ো মানসিক সন্তুষ্টিৰ কাৰণ হৈ পৰিব পাৰে। পৰাজয়েও কেতিয়াবা মানুহক শান্তি দিয়ে। এনে এক ঘটনা সংঘটিত হৈছিল ভাৰত ৰত্ন, পূৰ্ব প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ লগত।

১৯৫৫ চনৰ পৰা নিৰ্বাচনত অংশগ্ৰহণ কৰা অটল বিহাৰী বাজপেয়ীয়ে নিৰ্বাচনী ৰণত কেইবাবাৰো পৰাজয়ৰ গ্লানি সহিবলগীয়া হৈছিল। আনহাতে বহু কেইবাৰ তেওঁ লোকসভাৰ মজিয়াত শক্তিশালী কণ্ঠ হৈ থিয় দিয়াই নহয়, পৰৱৰ্তী সময়ত দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিস্থিত হৈছিল।

এইগৰাকী অটল বিহাৰী বাজপেয়ীৰ বাবে বিশেষ আছিল ১৯৮৪ চনৰ অষ্টম সাধাৰণ নিৰ্বাচন। ১৯৭৭ আৰু ১৯৮০ ৰ সাধাৰণ নিৰ্বাচনত দিল্লীৰ পৰা সাসংদ হিচাপে নিৰ্বাচিত হোৱা বাজপেয়ীয়ে ১৯৮৪ চনত দিল্লীৰ পৰিৱৰ্তে পুনৰ গোৱালিয়েৰলৈ ঢাপলি মেলিছিল। ইয়াৰ পূৰ্বে তেওঁ ১৯৭১ ত গোৱালিয়েৰৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল।

দিল্লীৰ পৰা ১৯৭৭ আৰু ১৯৮০ ত সাসংদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত ১৯৮৪ ত বাজপেয়ীয়ে গোৱালিয়েৰত পৰাজয়ৰ গ্লানি সহিবলগীয়া হৈছিল। অৱশ্যে সেই পৰাজয়ৰ গ্লানি আছিল তেওঁৰ বাবে আত্মসন্তুষ্টিৰ এক কাৰণ। গোৱালিয়েৰৰ এই পৰাজয়ে তেওঁক মানসিক শান্তি প্ৰদান কৰিছিল।

এই কথা অটল বিহাৰী বাজপেয়ীয়ে ২০০৫ চনত এক সাহিত্যৰ অনুষ্ঠানত প্ৰকাশ কৰিছিল। কিয় তেওঁ এই পৰাজয়ত মানসিক শান্তি পাইছিল? কি আছিল ইয়াৰ অন্তৰালৰ কাৰণ? সেই কথাও অটল বিহাৰী বাজপেয়ীয়ে কৈ গৈছিল।

দৰাচলতে ১৯৮৪ত বাজপেয়ী গোৱালিয়েৰত প্ৰতিদ্বন্দিতা কৰাৰ কথা প্ৰকাশ পোৱাৰ পিছতে কংগ্ৰেছে বিচাৰিবলৈ আৰম্ভ কৰিছিল অটল বিহাৰী বাজপেয়ীৰ বিপক্ষে থিয় দিব পৰা এজন প্ৰাৰ্থী। কোন হ'ব সেই প্ৰাৰ্থী? কংগ্ৰেছ নেতা ৰাজীৱ গান্ধীৰ দৃষ্টিত পৰিছিল সেই শক্তিশালী নেতা।

গোৱালিয়েৰ ৰাজবংশীয় জনপ্ৰিয় ব্যক্তি মাধৱৰাও সিন্ধিয়াক ৰাজীৱ গান্ধীয়ে বিচাৰি উলিয়াইছিল। ৰাজীৱ গান্ধীৰ অনুৰোধতে মাধাৱ ৰাওৱে মনোনয়ন দাখিলৰ অন্তিম সময়ত কংগ্ৰেছ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিলে। ৰাজীৱ গান্ধীৰ এই পৰিকল্পনাৰ আঁৰত আছিল আন এক কাৰণ।

মাধৱ ৰাও সিন্ধিয়াৰ মাতৃ বিজয়ৰাজে সিন্ধিয়াৰ অটল বিহাৰীৰ সৈতে আছিল পূৰ্বৰে পৰা সম্পৰ্ক। দুয়োৱে দীৰ্ঘদিন ধৰি জনসংঘৰ হৈ একেলগে কাম কৰিছিল। কেৱল সেয়াই নহয়, বিজয়ৰাজে সিন্ধিয়াই অটল বিহাৰী বাজপেয়ীক পুত্ৰৰ দৰে জ্ঞান কৰিছিল। এই বিজয়ৰাজে সিন্ধিয়াৰে পুত্ৰ আছিল মাধৱৰাও সিন্ধিয়া।

২০০৫ চনৰ এক সাহিত্যৰ অনুষ্ঠানত অটল বিহাৰী বাজপেয়ীয়ে কৈছিল- যদি মই সেইবাৰ গোৱালিয়েৰৰ পৰা প্ৰতিদ্বন্দিতা আগনবঢ়ালো হয় তেন্তে মাতৃ-পুত্ৰৰ যুঁজ ৰাজপথলৈ বাহিৰ হ'ল হয়। মই মাতৃ-পুত্ৰৰ বিদ্ৰোহ ৰাজপথলৈ অহাৰ পৰা ৰক্ষা কৰিছিলো।

বাজপেয়ীয়ে কৈছিল- যদিহে তেওঁ সেইবাৰ প্ৰতিদ্বন্দিতা আগনবঢ়ালে হয় তেন্তে মাধৱৰাও সিন্ধিয়াৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়ালে হয় তেওঁৰে মাতৃ বিজয়ৰাজে সিন্ধিয়াই। সেয়েহে বাজপেয়ীয়ে পৰৱৰ্তী সময়ত সেই ইতিহাস সোঁৱৰি কৈছে তেওঁ সেই পৰাজয়ক লৈ সুখী হৈছিল। মাতৃ-পুত্ৰৰ বিদ্ৰোক ৰাজপথলৈ অহাৰ পৰা ৰক্ষা কৰিছিল।

এইগৰাকী বাজপেয়ীৰ আজি মৃত্যু বাৰ্ষিকী। পূৰ্ব প্ৰধানমন্ত্ৰী তথা ভাৰতৰত্ন বাজপেয়ীৰ মৃত্যু তিথিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, লোকসভাৰ অধ্যক্ষ ওম বিৰলাকে ধৰি বহু ৰাজনৈতিক নেতাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি জে পি নাড্ডা, ৰাজ্যসভাৰ সদনৰ নেতা পীয়ুষ গোৱেলেও ভাৰত ৰত্ন বাজপেয়ীলৈ পুষ্পাঞ্জলি জ্ঞাপন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in