মহাকাশ পালেগৈ শুভাংশু আৰু তেওঁৰ সতীৰ্থঃ সফলতাৰে সম্পন্ন ডকিং প্ৰক্ৰিয়া

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হ’ল তিনি সতীৰ্থৰ সৈতে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা। বুধবাৰে ভাৰতীয় সময় অনুসৰি দিনৰ ১২:০১ বজাত মহাকাশলৈ ৰাওনা হৈছিল এই দলটো। 

author-image
Asomiya Pratidin
New Update
মহাকাশ পালেগৈ শুভাংশু আৰু তেওঁৰ সতীৰ্থঃ সফলতাৰে সম্পন্ন ডকিং প্ৰক্ৰিয়া

ডিজিটেল ডেস্কঃ অৱশেষত অপেক্ষাৰ অন্ত। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হ’ল তিনি সতীৰ্থৰ সৈতে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা। বুধবাৰে ভাৰতীয় সময় অনুসৰি দিনৰ ১২:০১ বজাত মহাকাশ অভিমুখে ৰাওনা হৈছিল এই দলটো। 

Advertisment

তাৰ পিছত প্ৰায় ২৮ ঘণ্টাৰ যাত্ৰাৰ অন্তত বৃহস্পতিবাৰে বিয়লি ৪:০০ বজাত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ‘ডকিং’ প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। লগে লগে ৰচনা হয় আন এক নতুন ইতিহাস।

উল্লেখ্য যে, বুধবাৰে এক্সিয়াম-৪ এ শুভাংশু আৰু তেওঁৰ দলটোক মহাকাশলৈ লৈ গৈছিল। শুভাংশু শুক্লাৰ এই মহাকাশ যাত্ৰাক লৈ অতি উৎসাহিত হৈ আছে ভাৰতীয় লোকসকল।

তেওঁ কিদৰে মহাকাশত সময় অতিবাহিত কৰিব সেয়া চাবলৈ অতি উৎসাহী সকলো। মহাকাশলৈ কৰা যাত্ৰাৰ পূৰ্বে তেওঁ সংবাদ মাধ্যমৰ আগত কৈছিল মহাকাশ অভিযানৰ সময়ত তেওঁৰ লগত লৈ যাব সুস্বাদু ভাৰতীয় খাদ্য।আগন্তুক ১৪ দিনলৈ তেওঁ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰতে থাকিব।

স্পেছএক্সৰ দ্বাৰা নিৰ্মিত ড্ৰেগন মহাকাশযানত উঠি শুভাংশুকে ধৰি চাৰিজন মহাকাশচাৰীয়ে আমেৰিকাৰ ফ্ল’ৰিডাৰ পৰা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যাত্ৰা কৰিছিল বুধবাৰে। 

অৱশ্যে প্ৰথম অৱস্থাত যোৱা ২৫ মে’ৰ পৰা এই অভিযান আৰম্ভ হোৱাৰ কথা আছিল।কিন্তু কাৰিকৰী বিজুগতি আৰু প্ৰতিকূল বতৰৰ বাবে ৮ জুনলৈ এই অভিযান পিছুৱাই দিয়া হৈছিল।

তাৰ পিছতো বাৰে বাৰে এই যাত্ৰাৰ তাৰিখ পিছুৱাই দিয়া হৈছিল। অৱশেষত বুধবাৰে আহে সেই মাহেন্দ্ৰ ক্ষণ। উল্লেখ্য যে, ৰাকেশ শৰ্মাই ১৯৮৪ ত মহাকাশ যাত্ৰা কৰিছিল। সেই যাত্ৰাৰ ৪১ বছৰৰ পিছত পুনৰ এইবাৰ শুভাংশু শুক্লা মহাকাশত গৈ উপনীত হৈছে। 

 

মহাকাশ নাছা শুভাংশ শুক্লা