/asomiyapratidin/media/media_files/2025/08/06/uppl-6-2025-08-06-23-28-46.jpg)
ডিজিটেল সংবাদ কোকৰাঝাৰঃ সুদীৰ্ঘ ২০ বছৰ ছাত্ৰ সংগঠনত সেৱা আগবঢ়াই অৱশেষত সদৌ অসম চাওঁতাল ছাত্ৰ সন্থাৰ পৰা অব্যাহতি লোৱা সদৌ অসম চাওঁতাল ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰিমান চৰেনে আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰিছে। ইউপিপিএল দলৰ সভাপতি তথা বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ উপস্থিতিত সদৌ অসম চাওঁতাল ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰিমান চৰেন, সন্থাৰ এগৰাকী প্ৰাক্তন সম্পাদক সুনিৰাম হেমব্ৰম , প্ৰাক্তন সাংস্কৃতিক সম্পাদক কামিল মুৰ্মু, ওদালগুৰি চাওঁতাল ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক ডিমাছ হাসদাসহ ইউপিপিএল দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।
উল্লেখ্য যে মঙলবাৰে নিশা কোকৰাঝাৰ চন্দ্ৰপাৰাত থকা বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ বাসভৱনত আয়োজিত হোৱা যোগদান সভাত সঙ্গীসহ ৰিমান চৰেনে ইউপিপিএলত আনুষ্ঠানিকভাৱে যোগদান কৰাত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে আৰনাই আৰু দলীয় প্ৰতীক সম্বলিত গামোচা পিন্ধাই আদৰণি জনায়। যোগদান কাৰ্যসূচীৰ অন্তত চাওঁতাল জনগোষ্ঠীৰ পৰা ৰিমান চৰেনৰ দৰে যুৱ নেতাই ইউপিপিএল দলত যোগদান কৰাটো ধনাত্মক দিশ বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে বিটিআৰত বসবাস কৰা ২৬ টা জনগোষ্ঠীৰ হকে ইউপিপিএল চৰকাৰে কাম কৰি আছে বুলি মন্তব্য কৰে।
সকলো জাতি-জনগোষ্ঠীয়ে সমিলমিলেৰে আগবাঢ়ি আছে বুলি মন্তব্য কৰি দলত নতুনকৈ যোগদান কৰা ৰিমান চৰেনেও নিজ জনগোষ্ঠীও অভাৱ অভিযোগ, সমস্যা আদিৰ কথা দাঙি ধৰিবলৈ মঞ্চ এখন পাব বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে।
আনহাতে ইউপিপিএল দলত আনুষ্ঠানিকভাৱে যোগদান কৰি ৰিমান চৰেনে কয় যে, ছাত্ৰ সংগঠনত সুদীৰ্ঘ ২০ বছৰ থাকি বহু ঘাত-প্ৰতিঘাতৰে জনগোষ্ঠীটোৰ সমস্যাৰ সমাধানৰ বাবে যুঁজ দিলো। এতিয়া নতুন চামক বাট এৰি দিয়াৰ সময়।
যিহেতু চাঁওতাল জনগোষ্ঠীটো সমস্যা জৰ্জৰিত জনগোষ্ঠী সেয়ে সমস্যাসমূহ তুলি ধৰিবলৈ ৰাজনৈতিক মঞ্চ এখনৰ প্ৰয়োজন। ইউপিপিএল দলে সকলো জাতি-জনগোষ্ঠীৰ দাবী বা সমস্যাসমূহপূৰণৰ চেষ্ঠা কৰি আহিছে আৰু সেয়েহে ইউপিপিএল দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ইউপিপিএল দলত যোগদান কৰা বুলি সদৰি কৰে ৰিমান চৰেনে। উল্লেখ্য যে উক্ত অনুষ্ঠানত ইউপিপিএলৰ কেন্ৰীএলয় সভাপতি ৰাজু কুমাৰ নাৰ্জাৰী, বিধায়ক ক্ৰমে লৰেঞ্চ ইছলাৰী, জিৰণ বসুমতাৰী, কাৰ্যবাহী সদস্য ক্ৰমে ৰঞ্জিত বসুমতাৰী, উইলচন হাসদা আদিকে ধৰি বহু নেতাই অংশগ্ৰহণ কৰে।