নিৰ্বাচন যুঁজত ৰথী-মহাৰথী! মুখ্যমন্ত্ৰীক পিছ পেলাই আগবাঢ়িল এই সকল প্ৰাৰ্থী…

নিৰ্বাচন যুঁজত ৰথী-মহাৰথী! মুখ্যমন্ত্ৰীক পিছ পেলাই আগবাঢ়িল এই সকল প্ৰাৰ্থী…

author-image
asomiyapratidin
New Update
নিৰ্বাচন যুঁজত ৰথী-মহাৰথী! মুখ্যমন্ত্ৰীক পিছ পেলাই আগবাঢ়িল এই সকল প্ৰাৰ্থী…

ডিজিটেল ডেস্ক: আজি ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে। বৰ্তমান পৰ্যন্ত অতি শোচনীয় দেখা গৈছে কংগ্ৰেছৰ অৱস্থা। ইতিমধ্যে উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড,মণিপুৰত আগবাঢ়ি আছে বিজেপি অন্যহাতে পঞ্জাৱত আম আদমী পাৰ্টী আৰু গোৱাত আগবাঢ়ি আছে কংগ্ৰেছ।

Advertisment

উত্তৰ প্ৰদেশত বৰ্তমানৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ আগবাঢ়ি আছে। লগতে সমাজবাদী পাৰ্টীয়েও ভাল প্ৰদৰ্শন দেখুৱাইছে।

পঞ্জাৱৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী চৰনজিত সিং চন্নী পিছ পৰি ৰোৱাৰ লগতে আগবাঢ়ি আছে আম আদমী পাৰ্টীৰ ভগৱত মান।

উত্তৰাখণ্ডৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামী পিছ পৰি ৰৈছে।

গোৱাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত পিছ পৰি ৰোৱাৰ বিপৰীতে আগবাঢ়িছে কংগ্ৰেছ।

মণিপুৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙে বৰ্তমান সময়লৈকে আগবাঢ়ি আহিছে।

উল্লেখ্য যে, পঞ্জাৱত ১১৭ খন আসন, উত্তৰাখণ্ডত ৭০ খন আসন, মণিপুৰত ৬০ খন আসন, গোৱাত ৪০ খন আসন, আৰু উত্তৰ প্ৰদেশত ৪০৩ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে।

বৰ্তমান সময়ত উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰত বিজেপিৰ চৰকাৰ হোৱাৰ বিপৰীতে পঞ্জাৱত শাসনভাৰ চলাই আছে কংগ্ৰেছে। কিন্তু কিছু সময় পাছতেই সলন হৈ যাব বৰ্তমানৰ দৃশ্য়পট।

punjab uttarakhand bjp uttar pradesh goa