আগন্তুক বৰ্ষৰ মাৰ্চ মাহত কাশ্মীৰত অনুষ্ঠিত হ'ব নিৰ্বাচন, ভোট বেংকৰ আশাত কেন্দ্ৰীয় চৰকাৰ...

author-image
Asomiya Pratidin
New Update
আগন্তুক বৰ্ষৰ মাৰ্চ মাহত কাশ্মীৰত অনুষ্ঠিত হ'ব নিৰ্বাচন, ভোট বেংকৰ আশাত কেন্দ্ৰীয় চৰকাৰ...

ডিজিটেল ডেস্ক : সংবিধানৰ ৩৭০ নং দফা খাৰিজ কৰাৰ পাছৰে পৰাই কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ তীব্ৰ চাপ পৰিলক্ষিত হৈছিল । তেনে অৱস্থাত আগন্তুক ২০২৩ বৰ্ষৰ মাৰ্চ মাহত এই নিৰ্বাচন অনুষ্ঠিত কৰাৰ সম্ভাৱনা দেখা গৈছে ৰাজ্যখনত । এই সন্দৰ্ভত নিৰ্বাচনী আয়োগেও প্ৰস্তুতি আৰম্ভ কৰা দেখা গৈছে । তেনেস্থলত বিগত কিছুদিন ধৰি ৰাজনৈতিকভাৱে অশান্ত কাশ্মীৰত অৱশেষত কোন দলৰ চৰকাৰ হ'ব এই সম্পৰ্কে হৈছে অলেখ কল্পনা-জল্পনা ।

Advertisment

উল্লেখ্য যে, কাশ্মীৰত অনুষ্ঠিত হ'বলৈ গৈ থকা বিধানসভা নিৰ্বাচনত এক গুৰু দ্বায়িত্ব বহন কৰিব ৩৭০ নং দফা আৰু কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ লোৱা বহু সিদ্ধান্তই । ইতিমধ্যেই নিৰ্বাচনী আয়োগে ৰাজ্যখনৰ বাহিৰত বিভিন্ন কাৰণত যোৱা ৩ দশক ধৰি সংস্থাপন গ্ৰহণ কৰা সৰ্বমুঠ ৪.৫ লাখ কাশ্মীৰী পণ্ডিত আৰু আন সম্প্ৰদায়ৰ কাশ্মীৰী সকলক ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুবিধা দিছে । ইয়াৰ ওপৰিও, পশ্চিম পাকিস্তানৰ পৰা অহা হিন্দু শৰণাৰ্থী সকলেও লাভ কৰিব ভোটাধিকাৰ । আন এক তথ্য অনুসৰি, কাশ্মীৰত বাস কৰা আন ৰাজ্যৰ লোকেও লাভ কৰিব কাশ্মীৰ বিধানসভা নিৰ্বাচনত ভোট প্ৰদানৰ সুবিধা ।

তেনে ক্ষেত্ৰত, এই বৃহৎ ভোট বেংকৰ সমৰ্থন কোনটো দলৰ প্ৰতি সেইয়া সহজেই অনুমেয় ।

আনহাতে, বিগত কিছু দিন ধৰি হঠাতেই কেন্দ্ৰীয় চৰকাৰৰ সহমৰ্মিতা লাভ কৰিবলৈ সক্ষম হৈছিল জম্মু-কাশ্মীৰৰ পাহাৰীয়া অঞ্চলৰ লোকসকলে । কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছিল অনুসূচিত জনজাতিৰ সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতি ।

উল্লেখ্য যে, ৭০ লাখ জনসংখ্যাৰ জম্মু-কাশ্মীৰত এনে পাহাৰীয়া লোক আছে ১৭ লাখ, কাশ্মীৰী পণ্ডিত আৰু আন লোকসকল যি আন ৰাজ্যত বাস কৰে তথা পশ্চিম পাকিস্তানৰ হিন্দু শৰণাৰ্থীসকলক সংযোজন কৰিলে হয় সৰ্বমুঠ ২৬ লাখ ভোটাৰ । এই ২৬ লাখ ভোটাৰৰ ভোটে নিশ্চয় প্ৰভাৱ পেলাব অনাগত দিনত কাশ্মীৰত শাসন কৰিব লগীয়া দলৰ নিৰ্বাচনৰ সিদ্ধান্তত ।

kashmir assembly election election commission india