Advertisment

ৰাষ্ট্ৰীয় পৰ্যায়ত কৃষি বঁটা লাভ অসমৰ তিনি আদৰ্শ খেতিয়কৰ

খুব কম সময়ৰ ভিতৰত নিজৰ প্ৰৱল ইচ্ছাশক্তিৰ দ্বাৰা কৃষিক্ষেত্ৰত অভূতপূৰ্ব সাফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা চিৰাং জিলাৰ এগৰাকী আদৰ্শ কৃষক আকবৰ আলী আহমেদে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৃষি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে

author-image
Asomiya Pratidin
New Update
SGh

ডিজিটেল সংবাদ, চিৰাং : খুব কম সময়ৰ ভিতৰত নিজৰ প্ৰৱল ইচ্ছাশক্তিৰ দ্বাৰা কৃষিক্ষেত্ৰত অভূতপূৰ্ব সাফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা চিৰাং জিলাৰ এগৰাকী আদৰ্শ কৃষক আকবৰ আলী আহমেদে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৃষি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । সমগ্ৰ দেশত কৃষিকাৰ্য্যৰ জৰিয়তে যিসকল খেতিয়কে বছৰি কম কৰি ১০ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয় তেওঁলোকক প্ৰতিবছৰে Millionaire Farmer of India Award -2024 বঁটা প্ৰদান কৰা হয়।

Advertisment

ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ অন্য দুই আদৰ্শ তথা উদ্যমী কৃষকৰ লগতে চিৰাং জিলাৰ বাসুগাঁও চহৰৰ সমীপৰ দক্ষিণ দেউলগুৰীৰ বাসিন্দা তথা আদৰ্শ খেতিয়ক আকবৰ আলী আহমেদে। দেশৰ ৰাজধানী নতুন দিল্লীৰ "কৃষি জাগৰণ" নামৰ আন্তৰ্জাতিক খ্যাতিসম্পন্ন অনুষ্ঠানৰ উদ্যোগত আৰু ইণ্ডিয়ান কাউঞ্চিল অব এগ্ৰিকালছাৰেল ৰিচাৰ্ছৰ সহযোগত মঙ্গলবাৰে নতুন দিল্লীৰ IARI মেলা গ্ৰাউণ্ডত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেদি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ উপস্থিতিত Millionaire Farmer of India Award -2024 বঁটা প্ৰদান কৰা হয় ।

্ুন

উল্লেখ্য যে এই অনুষ্ঠানতে ৰাজ্যখনত কৃষিকাৰ্য্যৰ মাজেদি বাণিজ্যিক দিশত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা আদৰ্শ খেতিয়ক চিৰাঙৰ আকবৰ আলী আহমেদৰ উপৰি ধেমাজি জিলাৰ উদ্যমী কৃষক দেৱজিত চাংমাই আৰু গোৱালপাৰা জিলাৰ আদৰ্শ কৃষক হৰকান্ত বসুমতাৰীকো Millionaire Farmer of India Award -2024 বটাঁ প্ৰদান কৰা হয় । কৃষি প্ৰধান ৰাজ্য অসমৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত কৃষি বটাঁ লাভ কৰা এই তিনিগৰাকী আদৰ্শ খেতিয়কৰ এই সাফল্যত ৰাজ্যৰ লগতে নিজ নিজ জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

chirang