গুগল পে', ফোন পে'ক ফেৰ মাৰিবলৈ আহি গ'ল অসমৰ মোবাইল এপ 'Pay Neki'

গুগল পে', ফোন পে'ক ফেৰ মাৰিবলৈ আহি গ'ল অসমৰ মোবাইল এপ 'Pay Neki'

author-image
Asomiya Pratidin
New Update
গুগল পে', ফোন পে'ক ফেৰ মাৰিবলৈ আহি গ'ল অসমৰ মোবাইল এপ 'Pay Neki'

গুগল পে', ফোন পে'ক ফেৰ মাৰিবলৈ আহি গ'ল অসমৰ মোবাইল এপ 'Pay Neki'

ডিজিটেল সংবাদ ওৰাংঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰত অভিযানৰ শ্লোগানৰে দেশত নিৰ্মিত আৰু থলুৱাভাবে তৈয়াৰী , উৎপাদিত সামগ্ৰীক প্ৰাধান্য দিয়াৰ ক্ষেত্ৰত অধিক জোৰ দিছে ৷ চৰকাৰৰ মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰত অভিযানৰ শ্লোগানৰ প্ৰতি অনুপ্ৰানিত হৈ দৰংৰ দলগাঁৱৰ এজন যুৱকে নিৰ্মাণ কৰিলে এটা মোবাইল এপ ৷

Advertisment

এপটোৰ নাম হৈছে 'Pay Neki'। দলগাঁৱৰ নেকিবুৰ ৰহমান নামৰ প্ৰতিভাৱান যুৱকে তৈয়াৰ কৰা 'Pay Neki' এপটো ইতিমধ্যে গুগল প্লে' ষ্টোৰত উপলব্ধ ৷ গুগুল পে', ফোন পে' আদি এপসমূহৰ দৰেই নেকিবুৰে বনোৱা এই 'Pay Neki' এপটো ৷

প্লে' ষ্টোৰত এই এপটো বিনামূলীয়াকৈ উপলব্ধ ৷ চলিত মাহৰ ১২ ডিচেম্বৰৰ পৰাই এই মবাইল এপটো আৰম্ভ হৈছে ৷ Play Storeত নেকিবুৰে তৈয়াৰ কৰা 'Pay Neki' মোবাইল এপটোৱে যথেষ্ট সহাঁৰি লাভ কৰিছে ৷

মোবাইল ৰিছাৰ্জ, ডি টি এইছ ৰিছাৰ্জ, গেছৰ বিল, ইঞ্চুৰেন্স ,পানী বিলকে ধৰি অন্যান্য বিল এই এপৰ জৰিয়তে pay কৰিব পাৰিব৷ ইয়াৰ বিনিময়ত প্ৰতিজন ব্যৱহাৰকাৰীয়ে কমিচন লাভ কৰিব ৷

লগতে প্ৰতি ৰেফাৰেলত লাভ কৰিব ৫ টকাকৈ কমিচন । ইয়াত ৰিছাৰ্জ কৰিলে ৪-৫% শতাংশ কমিচন লাভ কৰিব ব্যৱহাৰকাৰীয়ে৷ একেদৰে উৎসৱৰ বতৰত অফাৰৰ ব্যৱস্থাও থাকিব ৷

এই মোবাইল এপটোৰ জৰিয়তে পৰৱৰ্তী সময়ত ৰাইজক অধিক সুবিধা প্ৰদান কৰিবলৈ প্ৰচেষ্টা অব্যাহত আছে আৰু শীঘ্ৰে আন আন এপক ফেৰ মাৰিব পৰাকৈ উন্নত হ'ব কৰি তুলিব পাৰিব বুলি 'PayNeki' ৰ উদ্ভাৱক নেকিবুৰ ৰহমানে জানিবলৈ দিছে।

ক্লিক কৰি পঢ়কঃ শনিবাৰে ড০ উপেন ৰাভা হাকাচামৰ প্ৰণীত অভিধানৰ উন্মোচনী সভা...

'Pay Neki'