ৰাষ্ট্ৰীয় নৃত্য মহোৎসৱত সত্ৰীয়া নৃত্য প্ৰদৰ্শন ৰাইডঙীয়াৰ দুই শিল্পীৰ

ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদাৰ লাভ কৰা শিল্পী দুগৰাকী হ’ল কাব্যশ্ৰী বৰা আৰু গাৰ্গী কাকতি। তেওঁলোক দুয়োগৰাকী ৰাইডঙীয়া শংকৰ দেৱ শিশু নিকেতনৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ , বটদ্ৰৱাঃ উৰিষ্যাত উজ্বলি উঠিছে নগাঁৱৰ দুগৰাকী কিশোৰী। যোৱা ৯ ডিচেম্বৰত উৰিষ্যাৰ ভুবেনেশ্বৰৰ ভাঞ্জা কলা মণ্ডপত অনুষ্ঠিত হোৱা ১৮ সংখ্যক দেৱদাসী ৰাষ্ট্ৰীয় নৃত্য মহোৎসৱত সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি নগাঁও জিলাৰ ৰাইডঙীয়াৰ দুগৰাকী উদীয়মান শিল্পীয়ে বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

Advertisment

 

ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদাৰ লাভ কৰা শিল্পী দুগৰাকী হল কাব্যশ্ৰী বৰা আৰু গাৰ্গী কাকতি। তেওঁলোক দুয়োগৰাকী ৰাইডঙীয়া শংকৰ দেৱ শিশু নিকেতনৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী। কাব্যশ্ৰী বৰা আৰু গাৰ্গী কাকতিয়ে শিক্ষা লাভৰ সমান্তৰালকৈ ৰাইডঙীয়াৰ   সংগীত কানন বিদ্যালয়ত সত্ৰীয়া নৃত্য প্ৰশিক্ষণ লৈ আছে। দুয়োগৰাকী কিশোৰীৰ প্ৰতিভাৰ বাবে অঞ্চলৰ ৰাইজে শুভ কামনা জনাইছে।

ৰাইডঙীয়া সত্ৰীয়া নৃত্য