/asomiyapratidin/media/media_files/2025/01/31/dzblUyxPeaHuB1UBPKmm.jpg)
নেচনেল গেমছৰ সাঁতোৰত অসমৰ প্ৰথম পদক
ডিজিটেল সংবাদ, যোৰহাট : অসম তথা যোৰহাটৰ সাঁতোৰ ক্ৰীড়াৰ বাবে এটি সুখবৰ। যোৰহাটৰ এগৰাকী সাঁতোৰ খেলুৱৈয়ে নেচনেল গেমছত অংশলৈ আঁজুৰি আনিবলৈ সক্ষম হৈছে এটি ৰূপৰ পদক।
উল্লেখযোগ্য যে, যোৱা ২৮ জানুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ উত্তৰাখণ্ডত অনুষ্ঠিত হৈ থকা ৩৮ সংখ্যক নেচনেল গেমছত আজি যোৰহাট ছুইমিং ছ’চাইটিৰ সাঁতোৰ খেলুৱৈ শুভ্রাংসিনি প্রিয়দর্শিনীয়ে অসম দলক প্রতিনিধিত্ব কৰি ৮০০ মিটাৰ ফ্রীষ্টাইলত ৰূপৰ পদক অর্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
/asomiyapratidin/media/media_files/2025/01/31/LcHpcYTXQfD4RbkfnTLf.jpg)
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে এই ৰূপৰ পদকটো হৈছে সাঁতোৰত অসমৰ প্ৰথম পদক। যোৰহাটৰ উদীয়মান সাঁতোৰ খেলুবৈগৰাকীৰ এই সফলতাত যোৰহাট ছুইমিং ছ’চাইটিৰ লগতে যোৰহাটৰ ক্ৰীড়া সহযোগী স্বেচ্ছাসেৱী অনুষ্ঠান ক্ৰীড়াবন্ধুৱে খেলুৱৈগৰাকীক অভিনন্দন জনাইছে।