দেওপাহাৰ সংৰক্ষণৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব:মুখ্যমন্ত্ৰী

নুমলীগড় শোধনাগাৰে দখল কৰা দেওপাহাৰৰ ৭০ বিঘা ভূমি সন্দৰ্ভত কি ব্যৱস্থা ল'ব চৰকাৰে? নুমলীগড় শোধনাগাৰে প্ৰায় ৭০ বিঘা ভূমি বেদখল কৰা কাৰ্যৰ বিৰোধিতা কৰিছিল অনিৰ্বান নেছাৰ ক্লাবৰ মুখ্য উপদেষ্টা প্ৰয়াত হোমেন বৰগোহাঞিয়েও।

author-image
Asomiya Pratidin
New Update
1

নুমলীগড় শোধনাগাৰে দখল কৰা দেওপাহাৰৰ ৭০ বিঘা ভূমি সন্দৰ্ভত কি ব্যৱস্থা ল'ব চৰকাৰে?
কালিয়নি পাহাৰকো সংৰক্ষণৰ ব্যৱস্থা কৰিবনে ?
দেওপাহাৰ বনাঞ্চলক সংৰক্ষণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে লোৱা ভূমিকাক আদৰণি দল, সংগঠন, প্ৰকৃতিবিদৰ। 

Advertisment

ডিজিটেল সংবাদ, গোলাঘাট: গোলাঘাট জিলাৰ নুমলীগড়ত অৱস্থিত দেওপাহাৰক সংৰক্ষণৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পাছত বিভিন্ন দল-সংগঠন আৰু প্ৰকৃতিবিদে
আদৰণি জনাইছে। ইফালে নুমলীগড় শোধনাগাৰে নগৰাঞ্চল সম্প্ৰসাৰণৰ বাবে দেওপাহাৰৰ প্ৰায় ৭০ বিঘা ভূমি নিজৰ দখললৈ নিছিল যদিও বৰ্তমান উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছত এই ভূমি বেদখল মুক্ত কৰা হৈছে।

বেদখল মুক্ত কৰা ভূমি সমূহৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেই লৈ অপেক্ষাৰত বিভিন্ন দল-সংগঠন। উল্লেখযোগ্য ১৯৯৯ চনতে দেওপাহাৰক প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল হিচাপে অসম চৰকাৰে ঘোষণা কৰে। এই ঘোষণাৰ পাছত ৰাজ্যৰ বনবিভাগ অথবা পুৰাতত্ব বিভাগে যেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেনে ধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৭ নৱেম্বৰত দেওপাহাৰ পৰিদৰ্শন কৰি "দেওপাহাৰ সম্পৰ্কে আগতে কোৱা হৈছিল যদিও ইমান ডাঙৰ এটা সম্পদ ইয়াত লুকাই আছে বুলি জনা নাছিল" বুলি তাৎপৰ্য মন্তব্য কৰে।লগতে তেওঁ কাজিৰঙালৈ অহা পৰ্যটক সকলৰ আকৰ্ষণ কৰাৰ লগতে শীঘ্ৰে ভাল খবৰ দিয়াৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে। বহু ভূমি বেদখলৰ কৱলত পৰাৰ অন্ততঃ বৰ্তমান দেওপাহাৰ বনাঞ্চলত প্ৰায় ১৩৩.৪৫ হেক্টৰ ভূমি আছে।

অষ্টম নৱম শতিকাৰ এটি মন্দিৰৰ ভগ্নাৱশেষ- শিলৰ চন্দ্ৰতাপ, বিভিন্ন দেৱ- দেৱীৰ মূৰ্তি, শিলত কটা পদুম ফুল আদিৰে পৰিৱেষ্টিত হৈ আছে দেওপাহাৰ। এই দেওপাহাৰক সংৰক্ষণৰ বাবে বিভিন্ন সময়ত বিভিন্ন দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। নুমলীগড় শোধনাগাৰে প্ৰায় ৭০ বিঘা ভূমি বেদখল কৰা কাৰ্যৰ বিৰোধিতা কৰিছিল অনিৰ্বান নেছাৰ ক্লাবৰ মুখ্য উপদেষ্টা প্ৰয়াত হোমেন বৰগোহাঞিয়েও।

দেওপাহাৰৰ ভূমি নুমলীগড় শোধনাগাৰে নগৰাঞ্চল সম্প্ৰসাৰণ কৰাৰ নামত নিজৰ দখললৈ নি সীমা দেৱাল, পকী পথ নিৰ্মাণ কৰাৰ লগতে ঘৰ নিৰ্মাণৰ কামত বহু আগুৱাই গৈছিল। এজন ব্যক্তিয়ে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণ ( NGT)ক এই অভিযোগ দাখিল কৰাৰ পাছত নুমলীগড় শোধনাগাৰে নিজৰ দখললৈ নিয়া ভূমি বেদখল মুক্ত কৰাৰ জাননী দিয়ে।

NGTয়ে দিয়া এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই নুমলীগড় শোধনাগাৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে। উচ্চতম ন্যায়ালয়েও NGT ৰ নিৰ্দেশক সন্মান জনাই সীমা দেৱাল, পকী পথ আদি ভাঙি দিবলৈ নিৰ্দেশ জাৰি কৰে। এই নিৰ্দেশৰ পাছতে নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই নিৰ্মাণ কৰা সীমা দেৱাল ভাঙি পেলোৱাৰ লগতে উন্নয়নমূলক কামৰ কিছু সংখ্যক ভাঙে যদিও এতিয়াও বহু সংখ্যক গাঁঠনি নভঙাকৈয়ে আছে। যাৰ ফলত বিভিন্ন দল সংগঠন আৰু প্ৰকৃতিবিদৰ মাজত অব্যাহত আছে প্ৰতিক্ৰিয়া।

 ইফালে বন্য জীৱ জন্তুৰ লগতে বন্যহস্তীৰ দণ্ডি হিচাপে ব্যৱহাৰ হৈ অহা উক্ত ভূমি বেদখল মুক্ত কৰি পুনৰ বনাঞ্চলৰ অন্তৰ্ভূক্ত কৰাৰ দাবী উথাপন হৈছে। এই ক্ষেত্ৰত বনবিভাগ বা চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মতপোষণ কৰে দল-সংগঠন প্ৰকৃতিবিদে। উক্ত ভূমিখণ্ড বন বিভাগে নিজৰ আয়ত্তলৈ নি গছ ৰোপণ কৰাকে ধৰি বনাঞ্চলৰ অধিনলৈ নিয়াৰ ব্যৱস্থা গ্ৰহণ কিয় কৰা নাই বুলিও প্ৰশ্ন উত্থাপন হৈছে।

শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে দেওপাহাৰ পৰিদৰ্শন কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাছতে নুমলীগড় শোধনাগাৰে নিজৰ দখললৈ নিয়া উক্ত ভূমিৰ বিষয়টো পুনৰ প্ৰাসংগিক হৈ পৰিছে।
অন্যহাতে দেওপাহাৰৰ লগতে লাগি থকা কালিয়নি পাহাৰকো প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল ৰূপে ঘোষণা কৰিবলৈ দীৰ্ঘদিনৰ পৰা দাবী উথাপন হৈ আহিছে।

কালিয়নি পাহাৰক সংৰক্ষিত বনাঞ্চল ঘোষণা কৰি সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিলেই অঞ্চলটোত সৃষ্টি হৈ থকা হাতী-মানুহৰ সংঘাত কমিব বুলি প্ৰকৃতিবিদ সকলে মন্তব্য কৰিছে। এই ব্যৱস্থা গ্ৰহণ কৰিলে দেওপাহাৰৰ ভূমি এলেকা আৰু ১০০ হেক্টৰতকৈ অধিক বৃদ্ধি পাব। এতিয়া সকলোৰে প্ৰশ্ন পূৰ্বৰ বন্য জীৱ-জন্তু আৰু বন্যহস্তীৰ দণ্ডি হিচাপে চিহ্নিত এই ভূমিখণ্ড বন বিভাগ, পুৰাতত্ব বিভাগ আদিয়ে উপযুক্ত সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিব নে ?

দেওপাহাৰ