/asomiyapratidin/media/media_files/2025/03/01/qttHuwgm0PdRtbYNT1xL.jpg)
ৰাষ্ট্ৰীয় সেৱা আঁচনি ৰাষ্ট্ৰীয় সংহতি শিবিৰত অসমৰ বিহু দলৰ কৃতিত্ব
ডিজিটেল ডেস্ক : ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ২০২৫ বৰ্ষৰ দক্ষিণ -পশ্চিম মণ্ডলৰ অধীনত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ৰাষ্ট্ৰীয় সংহতি শিবিৰত অসমক প্ৰতিনিধিত্ব কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত বিহু দলটিয়ে কেইবাটাও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ ক্ৰমে চিনামৰা মহাবিদ্যালয়, তিতাবৰ ডায়েট, নকছাৰী মহাবিদ্যালয়, চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়, যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ ১০ জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা ৰাষ্ট্ৰীয় সংহতি শিবিৰৰ কাৰ্যসূচী আৰম্ভ হয় যোৱা ২২ ফেব্ৰুৱাৰীৰ পৰা ।
কন্যাকুমাৰীস্থিত বিবেকানন্দ মহাবিদ্যালয়ত অনুষ্ঠিত উক্ত শিবিৰত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কন্যাকুমাৰী নগৰৰ মেয়ৰ আৰ মহেশ, বিবেকানন্দ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° টি এছ জয়ন্তী আৰু উক্ত শিবিৰত দেশৰ ১৯ খন ৰাজ্য আৰু আৰু ২১ টা দলে অংশগ্ৰহণ কৰে। লগতে চেন্নাইস্থিত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ আঞ্চলিক কাৰ্যালয়ৰ সঞ্চালক ড° চেমুৱেল চালেইয়া আৰু এম এছ বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সমন্বয়ক ড° ভেলিয়াপ্পান তথা বিভিন্ন ৰাজ্যৰ পৰা যোৱা ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যক্ষম বিষয়াসকল উপস্থিত থাকে ।
/asomiyapratidin/media/media_files/2025/03/01/aRJC0ZiGxW5zqmxE7Sze.jpg)
উল্লেখযোগ্য যে প্ৰথম দিনৰ সাংস্কৃতিক অনুষ্ঠানত কেউখন ৰাজ্যৰ প্ৰদৰ্শনৰ ভিত্তিত অসমৰ বিহু দলটি শ্ৰেষ্ঠ বিবেচিত কৰি দ্বিতীয় দিনৰ আনুষ্ঠানিক মূল কাৰ্যসূচীত মুকলি কৰাৰ সুযোগ লাভ কৰে। উক্ত ৭ দিনীয়া শিবিৰৰ কাৰ্যসূচীৰ অংশ হিচাপে অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাত আৰু সাংস্কৃতিক অনুষ্ঠানৰ অসম দলটিৰ প্ৰদৰ্শনত দাক্ষিণাত্য তথা ভাৰতৰ অন্যান্য ৰাজ্যৰ অংশগ্ৰহণকাৰীসকল অভিভূত হৈ পৰে।
প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰি অসম দলটিয়ে ক্ৰমে নিজ নিজ ৰাজ্যৰ দলীয় সাংস্কৃতিক প্ৰদৰ্শনৰ প্ৰতিযোগিতাত বিহু প্ৰদৰ্শন কৰি শ্ৰেষ্ঠ দল হিচাপে বিবেচিত হয়। তদুপৰি দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতাত কেউখন ৰাজ্যৰ ভিতৰত মহাৰাষ্ট্ৰৰ পিছতেই অসমৰ দলটিয়ে দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে বিচাৰকৰ মন আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাৰ লগতে দলীয় নৃত্য প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে।
উল্লেখযোগ্য যে শিবিৰৰ প্ৰত্যেক দিনৰ সমূহ কাৰ্যসূচীৰ অংশগ্ৰহণৰ ভিত্তিত নিৰ্বাচন কৰা শ্ৰেষ্ঠ স্বেচ্ছাসেৱী সন্মান আজুৰি আনিবলৈ সক্ষম হয় অসম দলৰ সদস্য তথা তিতাবৰস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰশিক্ষাৰ্থী লক্ষ্যজ্যোতি দত্তই। উল্লেখ্য যে চিনামৰা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক তথা ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যক্ৰম বিষয়া পদ্মেশ্বৰ কাটনীৰ নেতৃত্বত গৈছিল দলটি।