ডিজিটেল সংবাদ, লামডিংঃ বিদ্যুৎ যোগান নধৰাক কেন্দ্ৰ কৰি লামডিং নিশাই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। লামডিঙৰ সৰ্ব সাধাৰণ ৰাইজক প্ৰতিদিনে বিদ্যুতে জ্বলা-কলা খোৱাই অহাত ক্ষুব্ধ হৈ পৰে স্থানীয়লোক।
বৃহস্পতিবাৰে নিশা লামডিঙৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে। বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত পুৰুষ মহিলাই চৰকাৰ মুৰ্দাবাদ, ৰাকাৰ প্ৰতিশ্ৰুতি ব্যৰ্থ, বিদ্যুৎ বিভাগ মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
বৃহস্পতিবাৰে নিশা প্ৰায় ৯ বজাৰ পৰাই লামডিঙত বিদ্যুতৰ যোগান বন্ধ হৈ আছে৷ যি সময়ত হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ আগত ঘৰে ঘৰে ২৪ ঘন্টা বিদ্যুত যোগান দিয়াৰ প্ৰতিশ্ৰুতি দিছিল বৰ্তমানত সমগ্ৰ ৰাজ্যৰ লগতে লামডিঙত এক বিপৰীত দৃশ্য দেখিবলৈ পোৱা গৈছে।