/asomiyapratidin/media/media_files/2025/10/21/bjhihiu-2025-10-21-23-36-41.jpg)
ডিজিটেল ডেস্কঃ অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী যুৱ বিজ্ঞানীয়ে। যোৰহাটৰ ডেনিচ নগৰৰ নিৱাসী তথা ইউনিভাৰ্সিটি অৱ ছায়েন্স এণ্ড টেকন’লজী মেঘালয় (USTM)-ৰ পদাৰ্থবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড° মুৰ্চনা খুশৰুয়ে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)-ৰ Regional Academic Centre for Space (RAC-S) কাৰ্যসূচীৰ অন্তৰ্গত এক গৱেষণা প্ৰকল্প লাভ কৰিছে।
তেওঁৰ অনুমোদিত প্ৰকল্পৰ শিৰোনাম হৈছে — “Multi-Spacecraft Investigation of Solar Wind Dynamics Through Solitary Wave Analysis: Insights from Aditya-L1 Mission”। এই প্ৰকল্পটো উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম গৱেষণা প্ৰকল্প য’ত ভাৰতৰ প্ৰথম সৌৰ মিছন আদিত্য-এল১ (Aditya-L1)-ৰ ASPEX (Aditya Solar Wind Particle Experiment) আৰু MAG (Magnetometer) পেল’ডৰ বৈজ্ঞানিক তথ্য ব্যৱহাৰ কৰা হ’ব।
এই গৱেষণাত ড° খুশৰু Principal Investigator (PI) হিচাপে নেতৃত্ব দিছে। তেওঁক সহায় কৰিব আহমেদাবাদস্থিত Physical Research Laboratory (PRL)-ৰ বিজ্ঞানী ড° অৱীক চৰকাৰ, যিনি Co-Principal Investigator (Co-PI) হিচাপে যুক্ত থাকিব। এই গৱেষণাৰ মূল লক্ষ্য সূৰ্যৰ বায়ু (solar wind)-ৰ গতি-বিধি অধ্যয়ন কৰা। বিশেষকৈ, “solitary wave” নামৰ এক বিশেষ plasma structure বিশ্লেষণৰ জৰিয়তে space weather phenomenon আৰু solar wind turbulence সম্পৰ্কে নতুন তথ্য আহৰণ কৰা হ’ব। ড° মুৰ্চনা খুশৰুৰ এই সফলতা গৌৰাম্বিত ৰাজ্যবাসী।