আন্তঃৰাষ্ট্ৰীয় মঞ্চত অসমীয়া চুটি ছবি 'অনশুনি চিঁখে'-ৰ অভূতপূৰ্ব সফলতা

ড০ পাৰ্থসাৰথি মহন্তৰ কাহিনী আৰু পৰিচালনাত নিৰ্মিত অসমীয়া চুটি ছবি  অনশুনি চিঁখেয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

author-image
Asomiya Pratidin
New Update
 আন্তঃৰাষ্ট্ৰীয় মঞ্চত অসমীয়া চুটি ছবি 'অনশুনি চিঁখে'-ৰ অভূতপূৰ্ব সফলতা

ডিজিটেল ডেস্কঃ ড০ পাৰ্থসাৰথি মহন্তৰ কাহিনী আৰু তেওঁৰ দ্বাৰাই পৰিচালনাত নিৰ্মিত অসমীয়া চুটি ছবি  অনশুনি চিঁখেয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। মীনা মহন্ত আৰু ইন্দ্ৰাণী বৰুৱাৰ প্ৰযোজনাত নিৰ্মাণ কৰা এই ছবিখনে শেহতীয়াকৈ কলকাতাত অনুষ্ঠিত হোৱা ইণ্ডিয়ান ইণ্ডিপেণ্ডেণ্ট ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰিছে। 

Advertisment

 আন্তঃৰাষ্ট্ৰীয় মঞ্চত অসমীয়া চুটি ছবি অনশুনি চিঁখে-ৰ অভূতপূৰ্ব সফলতা

চিনেমাখনত একমাত্ৰ চৰিত্ৰ হিচাপে অভিনয় কৰা বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ মনোমোবা আৰু অনুভৱপূৰ্ণ অভিনয়ে ছবিখনক ব্যক্তিক্ৰমী কৰি তুলিছে। ইয়াৰ পূৰ্বে যোৱা জানুৱাৰী মাহত জয়পুৰ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত Worldwood International Panorama ত এই ছবিখনে বাছনি লাভ কৰিছিল।আৰু সেইবাৰ ছবিখনত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা সীমা বিশ্বাসলৈ আৰু দক্ষ পৰিচালনাৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ বূঁটা ড০ পাৰ্থ সাৰথি মহন্তলৈ আগবঢ়োৱা হৈছিল। 

 আন্তঃৰাষ্ট্ৰীয় মঞ্চত অসমীয়া চুটি ছবি অনশুনি চিঁখে-ৰ অভূতপূৰ্ব সফলতা

ইয়াৰ উপৰিও এই একেখন চুটি ছবিয়েই ২০২৫ তে দিল্লী ছৰ্ট ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰিছিল। উল্লেখ্য যে, এইবাৰ এই ছবিখন “Marché du Film” (Cannes)-ৰ অনলাইন খণ্ডত প্ৰদৰ্শিত হৈছিল। য’ত ছবিখনে বিশ্বৰ বিভিন্ন প্ৰান্তৰ দৰ্শকৰ পৰা বিশেষ প্ৰশংসা লাভ কৰে।  

 

পাৰ্থ সাৰথি মহন্ত