কবিতা ৮৮/ অশ্লীলতা

author-image
Asomiya Pratidin
New Update
কবিতা ৮৮/ অশ্লীলতা

KOBITA

ডাঃ হেমন্ত কুমাৰ গোস্বামী

Advertisment

(১)

শুনিবলৈ লাজ লগা শব্দ

আৰু চাবলৈ লাজ লগা দৃশ্য,

তাৰেই নাম হেনো অশ্লীলতা !

মানুহৰ মন-মগজুত

গোপনে ইয়াৰ অহা-যোৱা !

অশ্লীলতা মানেই পাপ নহয় ,

অশ্লীলতা মানেই অসুন্দৰ নহয় ,

কবিতা এটা লিখিবলৈ মন যোৱা ধৰণে

সুন্দৰ হ'ব‌ও পাৰে অশ্লীলতা !

ভাবিলেই অশ্লীল , নাভাবিলেই শ্লীল ;

অশ্লীলতাৰ অস্তিত্ব

আমাৰ ভাৱনাৰ ওপৰত নিৰ্ভৰশীল ।

(২)

ক'ত নাই অশ্লীলতা !

ইভৰ চুলি আৰু ছাল ,

চকু আৰু ওঠ ,

বক্ষ আৰু নিতম্ব

অথবা এনেকৈয়ো ক'ব পাৰি

শৰীৰৰ প্ৰতিটো বিন্দুত

আডমে বিচাৰি পায়

সুন্দৰতাৰ লগতে অশ্লীলতা ।

হয় , সুন্দৰতাৰ গাতে ওলমি থাকে ই ;

সেইবাবে আকাশৰ জোনটোকো

কোনোবাই অশ্লীলতাৰ প্ৰতীক কৰে ।

ফাগুনৰ বতাহ জাকো হৈ পৰে অশ্লীল

বাৰিষাৰ বৰষুণত নামি আহে

অশ্লীলতাৰ ঢল ।

তেনে অশ্লীলতাত নাথাকে পাপ ;

থাকে নানাৰঙী সৌন্দৰ্য ,

থাকে সৃষ্টিৰ সুবাস ।

(৩)

ক'ত নাই অশ্লীলতা !

সাহিত্য-সংস্কৃতিত অশ্লীলতা ,

অশ্লীলতা গীত-নৃত্যত ,

ভাষা আৰু কথাত ।

অশ্লীলতা কোণাৰ্ক-খাজুৰাহো

আৰু মদন-কামদেৱত ,

ৰামায়ণ মহাভাৰত আৰু

কীৰ্তনৰ হৰমোহনতো অশ্লীলতা !

তেতিয়া কিন্তু সলনি হয়

অশ্লীলতাৰ সংজ্ঞা ,

তেতিয়া শ্লীল-অশ্লীল নিৰ্ধাৰিত হয়

মনৰ ভাৱনাৰ ওপৰত ;

আৰু এইবোৰ হৈ পৰে

মহান সাহিত্য বা শিল্পকৰ্ম ,

অথবা ধৰ্ম-মন্দিৰৰ ভক্তি ৰস !

(৪)

একবিংশ শতিকাৰ মানুহ আমি ,

মন-মগজুত মাজে মাজে উক দিয়ে

ঊনবিংশ শতিকাৰ ধ্যান-ধাৰণাই ।

সেয়ে প্ৰসাধন আৰু পোচাকতো

বিচাৰি ফুৰো অশ্লীলতা ,

ছাত্ৰীৰ উদং উৰুৰ বাবে

খুলি আনো খিৰিকীৰ পৰ্দা ।

হাফপেন্টক কৰি তোলো

বাতৰিৰ শিৰোনামা ,

আৰু আমি নিজেই হৈ পৰোঁ

উলংগ অশ্লীল !

(৫)

তথাপি যুগে যুগে

সভ্যতাৰ পিচল পথত আগুৱাও আমি

শ্লীলতাৰ শিক্ষা ল‌ওঁ,

ভদ্ৰতাৰ দীক্ষা ল‌ওঁ,

অশ্লীলতাৰ ভাৱনাত শ্লীলতাৰ ৰং সানো , অশ্লীল ইচ্ছাক

সংযমৰ শিকলিৰে এৰাল দি‌ওঁ ।

মানুহ হ'বলৈ লাগিব দৃষ্টিত শ্লীলতা ।

অশ্লীলতাৰ মাজত শ্লীল হৈ

থাকিব পাৰিলেহে মানুহ--

অন্যথা নেজ আৰু শিং নথকা

পশু অথবা অমানুহ ।।

ঠিকনা : "হেপাঁহৰ ঘৰ", উৰিয়াগাঁও, নগাঁও । ফোন : ৯৪৩৫৩১৯৮৪৩

assamese poem