কবিতা
কবিতা

কবিতা ১৪৫/ সভ্যতাৰ সন্ত্ৰাস

- অৰূপ বৰবৰা

কিয় সুউচ্চ প্ৰাচীৰৰ কাৰাগাৰ ?

প্ৰতিবাদী কাৰাৰুদ্ধৰ

অপৰাধ দেশদ্ৰোহিতাৰ ?

কিয় ধ্বংসস্তূপত হেজাৰ মৃতদেহ ?

আহত আৰ্তজনৰ শাৰী

এল্লেপ'-কাবুল-য়েমেনৰ

ধূসৰিত আস্পাতাল

গল্পৰ 'কাবুলীৱালা'ৰ আফগানিস্তান !

কিয় বাৰে বাৰে শান্তিৰ আহ্বান ?

শান্তিযজ্ঞৰ আয়োজন ৰাষ্ট্ৰসংঘৰ

ভূমধ্য সাগৰত টুলুঙা নাৱৰ যাত্ৰী

সন্ধান বৃদ্ধা-শিশুৰ নিৰাপদ আশ্ৰয়ৰ

ক্ৰন্দন আৰ্ত শৰনাৰ্থীৰ

এৰি অহা ঘৰ আৰু সুখী পৰিয়ালৰ !

সাগৰৰ প্ৰশান্ত ব্যাপ্তিত

কিয় পাৰমাণৱিক কচৰত সামৰিক নৌবহৰ ?

স্বাধীনচিতিয়া বোৱতী নৈক

ভেটাৰ প্ৰৱণতা ভ্ৰষ্ট সভ্যতাৰ !

বিকাশ সভ্যতাৰ তাড়নাত

কিয় আজি কলুষিত বতাহ?

ৰাজপথ পথাৰ সমাৰত

অহোদিন অহোৰাত্ৰি কাৰ্বন মনক্সাইড

আলাস্কাত গলি যোৱা গ্লেচিয়াৰ!

ব'লা সোণপাহী যাঁও উভতি

সভ্যতাক ঠাইতে এৰি

আদাম ইভৰ কাষলৈ

নিজঞ্জাল পুৰণি ধৰালৈ

নিজম নিস্তব্ধ ঘন অৰণ্যলৈ

শান্তিৰ অনাবিল বসুন্ধৰালৈ!

নালাগে হিন্দুস্তান

নালাগে চীন, পাকিস্তান

চিৰিয়া, লেবানন, ৰুছ-ইউক্ৰেইন

ইজৰাইল, পেলেষ্টাইন

কাবুলীৱালাৰ আফগানিস্তান।

আৰু পঢ়ক: আমি কলৈ যাঁও...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in