কবিতা/২০ প্ৰজ্ঞা নগৰী গৌৰৱ অসমৰে

কবিতা/২০ প্ৰজ্ঞা নগৰী গৌৰৱ অসমৰে

author-image
asomiyapratidin
New Update
কবিতা/২৬ হাঁহি

– ধ্ৰুৱজ্যোতি শৰ্মা

Advertisment

মা কামাখ্যাৰ আশিসেৰে

কামৰূপৰ নিকটৰে

প্ৰজ্ঞা নগৰী এয়া গৌৰৱ অসমৰে

নলবাৰী, নলবাৰী, নৱদ্বীপ-নলবাৰী

মংগল ধ্বনি আজি চৌদিশে বাজে

পাগলাদিয়াৰ পাৰত ৰহণো চৰে

হালিছে জালিছে নল খাগৰি

উৰি উৰি আহিছে আলহী পক্ষী

সৃষ্টি চেতনা চিনাকি আমাৰ

দেশপ্ৰেম পৰিচয় আমাৰ

ৰজা পৃথ্বু ৱে ৰচিলে ইতিহাস

সাহস আৰু বীৰত্বৰ ধ্বজা উৰুৱাই

কামৰূপৰ আশিসেৰে….

বুঢ়াদিয়াৰ পাৰতে অহো হো মহো হো

ব্ৰহ্মপুত্ৰৰ ঘাটতে অহো হো মহো হো

বৰলীয়াৰ সোঁততে গাও গান জীৱনৰে

ভাস্কৰ বৰ্মাৰ তাহানিৰ দেশৰ

আমিও যে অংশীদাৰ

কামপীঠ ভূমিৰ নৱযোজনে

সাজিলে নতুনৰ ইতিহাস

সংস্কৃত ভাষাৰ সাধনাৰ

আমাৰ নলবাৰী তীৰ্থভূমি

শুনা শুনা সভাসদ,  প্ৰবাসী আৰু নিবাসী

কামপীঠৰ সন্তান আমি পৰম সাহসী

ৰহনীয়া সংস্কৃতি চিৰ বিনন্দীয়া

ৰহদৈয়া জাপি আমাৰ আৰু চাৰুকলা

ভ্ৰাম্যমান-পৰ্যটনত আমি যে চহকী

স্বগৰিমাৰে আমি আছো যে জিলিকি

আছো যে জিলিকি

assam assamese poem