/asomiyapratidin/media/media_files/2025/04/27/5KZ7y1BjBMZRf8MDEOiX.jpg)
মহাৰাষ্ট্ৰ অভিমুখে ৰাওনা অসমৰ খেলুৱৈৰ দল
ডিজিটেল ডেস্ক : ১ মে'ৰ পৰা ৪ মে' লৈ মহাৰাষ্ট্ৰৰ কপাৰখাৰ্ণেত ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত আৰু মহাৰাষ্ট্ৰ পেন্চাক চিলাট এছ'চিয়েশ্বনৰ সহযোগত চাৰিদিনিয়াকৈ অনুষ্ঠিত হ'ব আস্মিতা ৰাষ্ট্ৰীয় খেল' ইণ্ডিয়া উইমেন পেন্চাক চিলাট লীগ:২০২৫। এই প্ৰতিযোগিতাত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰিবলৈ অসমৰ মহিলা পেন্চাক চিলাট খেলুৱৈসকল দেওবাৰে গুৱাহাটী ৰে'ল ষ্টেচন পৰা মহাৰাষ্ট্ৰ অভিমুখে ৰাওনা হৈছে।
ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰত্যক্ষ পৰ্য্যবেক্ষণত হ'বলগীয়া উক্ত প্ৰতিযোগিতাত দেশৰ ৩৬ ৰাজ্যৰ প্ৰায় ১৫০০ গৰাকী জুনিয়ৰ মহিলা খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। প্ৰতিযোগিতাখনত ধেমাজী জিলাৰ পৰা নিহাৰিকা নেওগ, অনিতা চুতিয়া, হেপ্পি দেৱনাথ আৰু লাকী বিশ্বকৰ্মা, গোলাঘাট জিলাৰ তুষ্টিপ্ৰিয়া বৰা, ৰশ্মিতা নাথ, মনিকা বড়ো, সুমন গৌড়, চিম্পী বৰা আৰু ৰিম্পী গগৈ, শিৱসাগৰ জিলাৰ দিল আফ্ৰুজা বেগম, যোৰহাট জিলাৰ বৈষ্ণবী কছাৰী, বিশ্বনাথ জিলাৰ স্নেহা গগৈ আৰু গোৱালপাৰা জিলাৰ সাগৰিকা ৰাভা আদি চৈধ্য গৰাকী গেলুৱৈয়ে টেণ্ডিং, টুংগল, গাণ্ডা, ৰেগু আৰু ক্ৰীয়েটিভ ছ'ল' আদি শাখাত প্ৰতিযোগিতা আগবঢ়াব বুলি অসম পেনচাক চিলাট সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আৰু কাৰিকৰী সঞ্চালক তথা উত্তৰ-পূব পেনচাক চিলাট মহাসংঘৰ উপ-সভাপতি লক্ষ্যজিত দলে জানিবলৈ দিয়ে।