/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-11/7myfoxpi/534f1a15-f60e-498b-a538-7abee1d8de18.jpg)
ডিজিটেল সংবাদ, হাউলী : ছিকিম বিশ্ববিদ্যালয়ত বছৰ বছৰ ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলৰ ছাত্ৰ-ছাত্ৰী অধ্যয়ন কৰি আহিছে। উত্তৰ-পূবৰ অন্যতম ৰাজ্য অসমৰ বহু ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত ছিক্কিম বিশ্ববিদ্যালয়ত অসমীয়া সমাজ গঢ় লৈ উঠিছে।
এই অসমীয়া সমাজৰ উদ্যোগতে দেওবাৰে মুখপত্ৰ 'হিমগিৰি'ৰ প্ৰথম সংখ্যাৰ উন্মোচন কৰা হয়। খৃষ্টফাৰ তিৰ্কীৰ সভাপতিত্বত আৰু দীপাংকৰ দাসৰ সম্পাদনাত প্ৰকাশ পোৱা এই আলোচনীখনত অসমীয়া সংগীত জগতৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৰ শুভেচ্ছাবাৰ্তা সন্নিৱিষ্ট কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-11/bx0nbyz7/442f4f0f-8d0b-4b22-81d6-b2458d8c2a77.jpg)
আলোচনীখনে ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক দিশৰ উত্তৰণৰ লগতে অসমীয়া ভাষা চৰ্চাৰ ক্ষেত্ৰতো সুকীয়া মাত্ৰা প্ৰদান কৰাৰ লগতে অসমীয়া ভাষা বিশ্বসভা লৈ যোৱাৰ বাট মুকলি হোৱাৰ এক পদক্ষেপ হিচাপে বিবেচিত হৈছে। উল্লেখযোগ্য যে, আলোচনীখনৰ সম্পাদক দীপাংকৰ দাস বৰপেটাৰোড-হাউলী মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ।
Also Read: ঢকুৱাখনাত পথ দুৰ্ঘটনাত এজন শ্ৰমিক নিহত
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us