অসমীয়া ভাষাতত্ত্ববিদ ড০ মালিনী গোস্বামীক মুম্বাইত ৰাষ্ট্ৰীয় বঁটা প্ৰদান

অসমীয়া ভাষা- সাহিত্যক্ষেত্ৰৰ বাবে সুখবৰ। ৰাজ্যৰ প্ৰসিদ্ধ ভাষাতত্ত্ববিদ ড০ মালিনী গোস্বামীলৈ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰীয় সন্মান। উল্লেখযোগ্য যে, শ্ৰী ভাৰতবৰ্ষীয় জৈন তীৰ্থ সংৰক্ষিণী মহাসভাৰ

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
অসমীয়া ভাষাতত্ববিদ ড০ মালিনী গোস্বামীক মুম্বাইত ৰাষ্ট্ৰীয় বঁটা প্ৰদান

ডিজিটেল ডেস্ক : অসমীয়া ভাষা- সাহিত্যক্ষেত্ৰৰ বাবে সুখবৰ। ৰাজ্যৰ প্ৰসিদ্ধ ভাষাতত্ত্ববিদ ড০ মালিনী গোস্বামীলৈ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰীয় সন্মান। উল্লেখযোগ্য যে, শ্ৰী ভাৰতবৰ্ষীয় জৈন তীৰ্থ সংৰক্ষিণী মহাসভাৰ অধীনত শ্ৰাৱকৰত্ন নিৰ্মল কুমাৰ শেঠী ট্ৰাষ্টৰ সহযোগত ২০২৫ চনৰ ‘জৈন ধৰোহৰ দিৱস’ দুদিনীয়াকৈ অনুষ্ঠিত কৰা হয়। 

Advertisment

যোৱা ২৬ আৰু ২৭ এপ্ৰিল ২০২৫ তাৰিখে পুৱা মুম্বাই চহৰত অনুষ্ঠিত হয় এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটি। ‘জৈন দৰ্শন আৰু সাহিত্য, কলা আৰু পুৰাতত্ব’ আৰু ‘আজীৱন সেৱা’ এই ৩টা শিতানত দিয়া পুৰস্কাৰ ক্ৰমে অসমৰ ড০ মালিনী গোস্বামী, নাগপুৰৰ কনহায়ালাল খেডকৰ আৰু ডা০ কল্যাণমল গংগোৱালক উক্ত স্মাৰক সন্মান প্ৰদান কৰা হয়। 

অসমীয়া ভাষাতত্ববিদ ড০ মালিনী গোস্বামীক মুম্বাইত ৰাষ্ট্ৰীয় বঁটা প্ৰদান

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, মুম্বাই মহানগৰৰ মুকেশ পেটেল অডিট’ৰিয়ামত ভাৰতৰ বহু ঠাইৰ পৰা অহা এহেজাৰ দৰ্শকৰ উপস্থিতিত ড০ মালিনী গোস্বামীয়ে ধৰোহৰ দিৱস তথা নিৰ্মল কুমাৰ জৈন স্মাৰক সন্মান গ্ৰহণ কৰে। একেদৰে এই অনুষ্ঠানত ড০ গোস্বামীয়ে জৈন ধৰ্ম সাহিত্যৰ বিষয়ে সুন্দৰ ভাষণ প্ৰদান কৰে।

প্ৰণিধানযোগ্য যে, বহুদিন ধৰি জৈন ধৰ্ম, সাহিত্য, দৰ্শন বিষয়ত লিখি অহা গ্ৰন্থ আৰু গৱেষণা কামৰ পৰীক্ষা কৰি ড০ গোস্বামীক ২০২৫ বৰ্ষৰ শীৰ্ষ সন্মান প্ৰদান কৰা হয়।

মুম্বাই