অসমীয়া লোক সংগীতৰ সুৰেৰে জীপাল পাটনা

বিহাৰ চৰকাৰৰ অধীনৰ পাটনাত অৱস্থিত "কিলকাৰী বিহাৰ বাল্ ভৱন"ত যোৱা ১৪ জুনৰ পৰা ২১ জুনলৈ ৮ দিন জোৰা কাৰ্য্যসূচীৰে অসমৰ বৰ্ণাঢ্য লোক সংগীতৰ উপৰত এক অনন্য প্ৰশিক্ষণ, কৰ্মশালা অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
বিহাৰত অসমৰ লোক সংগীতৰ অপূৰ্ব চৰ্চা

বিহাৰত অসমৰ লোক সংগীতৰ অপূৰ্ব চৰ্চা

ডিজিটেল সংবাদ, গুৱাহাটীঃ বিহাৰ চৰকাৰৰ অধীনৰ পাটনাত অৱস্থিত "কিলকাৰী বিহাৰ বাল্ ভৱন"ত যোৱা ১৪ জুনৰ পৰা ২১ জুনলৈ ৮ দিন জোৰা কাৰ্য্যসূচীৰে অসমৰ বৰ্ণাঢ্য লোক সংগীতৰ উপৰত এক অনন্য প্ৰশিক্ষণ, কৰ্মশালা অনুষ্ঠিত হয়। অসমৰ এই আপুৰুগীয়া লোক সংগীতক বিশ্বমুখী কৰাৰ লক্ষ্য আগত ৰাখি লোক সংগীতৰ নীৰৱ সাধক তামুলপুৰ জিলাৰ কুমাৰীকাটাৰ দীপক মুদৈয়ে এই প্ৰশিক্ষণ কৰ্মশালাত সমল ব্যক্তি আৰু প্ৰশিক্ষক হিচাপে যোগদান কৰে। 

Advertisment

অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত সাংস্কৃতিক বিষয়া যুগান্ত বায়নে এই সন্দৰ্ভত জনোৱা মতে কামৰূপী লোকগীত, নাও খেলৰ গীত, হোলী গীত, বিয়া নাম আৰু অসমৰ জাতীয় জীৱনৰ অন্যতম সৃষ্টি বিহু গীতৰ উপৰত প্ৰশিক্ষণ প্ৰদান কৰা এই প্ৰশিক্ষণত বিহাৰ ৰাজ্যৰ পাটনাৰ ৫০ জন যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰি অসমৰ লোক সংগীতৰ অপূৰ্ব সৃষ্টিৰাজিক গভীৰ অন্তকৰণেৰে আয়ত্ত কৰে। প্ৰশিক্ষণৰ অন্তত ২২ জুনত অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানত প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলে অসমৰ লোকসংগীতসমূহ পৰিৱেশন কৰে। প্ৰায় ৫ শতাধিক লোক উপস্থিত থকা এই অনুষ্ঠানত বিহাৰ চৰকাৰৰ কেইবাগৰাকীও উচ্চ পদস্থ বিষয়াৰ লগতে কেইবাগৰাকীও ৰাজনৈতিক নেতা আৰু সাংস্কৃতিক সংগঠক উপস্থিত থাকে। 

ইফালে, অৱসৰপ্ৰাপ্ত সাংস্কৃতিক বিষয়াগৰাকীয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় যে, "যি সময়ত অসমত লোক সংগীতৰ চৰ্চা আৰু অধ্যয়নৰ ক্ষেত্ৰত একাংশ লোকৰ মাজত অৱহেলা আৰু অনীহাই ঠাই পাইছে, সেই সময়তেই বিহাৰ চৰকাৰৰ পৃষ্ঠপোষকতাত এনেদৰে অসমীয়া লোক সংগীতৰ অধ্যয়ন আৰু পৰিৱেশন কৰাৰ বাবে বিহাৰৰ যুৱক-যুৱতীয়ে পদক্ষেপ গ্ৰহণ কৰাটো বিহু, শিল্পী দিৱস, বিষ্ণু ৰাভা দিৱস উদযাপনৰ নামত বহুৱালি আৰু উদ্ভণ্ডালিৰ আশ্ৰয় লোৱা লোকসকলে শিক্ষা গ্ৰহণ কৰা উচিত" বুলি অসম চৰকাৰৰ অবসৰপ্ৰাপ্ত সাংস্কৃতিক বিষয়া মত প্ৰকাশ কৰি বিহাৰ চৰকাৰৰ এনে প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে শেহতীয়াভাৱে যোৱা ২০ জুনত দক্ষিণ কামৰূপৰ এটা অঞ্চলত বিষ্ণু ৰাভা দিৱস পালনৰ নামত এগৰাকী গায়ক আৰু বাদ্যযন্ত্ৰীয়ে প্ৰদৰ্শন কৰা অতি নিৰ্লজ্য আচৰণক তীব্ৰভাৱে গৰিহণা দিয়ে।

লোক সংগীত